গুৱাহাটী : ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ লগে লগে উৎকট গৰমে দহিছে ৰাজ্যবাসীক। বাঢ়নী পানী কমিবলৈ ধৰিছে যদিও এতিয়াও ৰাজ্যৰ ৩৫ খন জিলাৰ ১২ খন জিলা বছৰৰ দ্বিতীয়টো বানৰ কবলত। এই ১২ খন জিলাত ৩ লাখ ৭৯ হাজাৰ ২৩৮ জন লোক প্ৰভাৱিত হৈ আছে বানপানীৰ ফলত।
ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে। নেৰা নেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰা ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল অৱশ্যে এতিয়াও বাঢ়নী পানীৰ তলত আছে। বানৰ পিছত উৎকট গৰমে ৰাজ্যবাসীক দহিছে। বৰ্তমানেও ৰাজ্যৰ ১২ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে।
ইফালে বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণৰ মাত্ৰা হ্ৰাস পাইছে যদিও ৰাজ্যত আৰু অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এতিয়াও বান কবলত থকা ৰাজ্যৰ ১২ খন জিলাৰ ৩ লাখ ৭৯ হাজাৰ ২৩৮ জন লোক প্ৰভাৱিত হৈ আছে বানপানীৰ ফলত। ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি পাই থকাৰ ফলত কেইবাঠাইটো মাথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে।
লগতে পঢ়ক – অসমত ২৪ঘন্টাত কোভিডত আক্ৰান্ত হ’ল ৩৪৪জন
বৰ্তমানেও বাঢ়নী পানীৰ তলত থকা ১২ খন জিলাৰ ১৫ টা ৰাজহ চক্ৰৰ ৪১৯ খন গাঁও জলমগ্ন হৈছে আছে। ইফালে বৰাক উপত্যকাৰ বান পৰিস্থিতি লাহে লাহে উন্নত হ’বলৈ ধৰিছে। ভাল খবৰ যে যোৱা ২৪ ঘণ্টাত ৰাজ্যৰ বানপানীৰ ফলত এজনো।লোকৰ মৃত্যু হোৱা নাই। ৰাজ্যৰ নৈ-উপনৈ সমূহও বিপদ সীমাৰ তলত বৈ আছে।