নিউজ ডেস্ক : আজি আন্তঃৰাষ্ট্ৰীয় মালালা দিৱস। ১২ জুলাইৰ দিনটো বিশ্ববাসীয়ে আন্তঃৰাষ্ট্ৰীয় মালালা দিৱস হিচাপে পালন কৰে। ১২ জুলাইৰ দিনটো মালালা ইউছুফজাইৰ জন্মদিন বাবেই এই দিনটো আন্তঃৰাষ্ট্ৰীয় মালালা দিৱস হিচাপে পালন কৰা হয়। পাকিস্তানৰ শিক্ষাকর্মী মালালা ইউছুফজাই মহিলা সকলৰ শিক্ষাৰ বাবে মাত মাতি তালিবানৰ গুলীৰ চিকাৰ হৈছিল।

তালিবানৰ গুলীত আহত হোৱা আৰু কম বয়সতে নোবেল বঁটা বিজয়ী পাকিস্তানৰ এই গৰাকী শিক্ষাকৰ্মীৰ জন্মদিন ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় মালালা দিৱস হিচাপে পালন কৰাৰ ঘোষণা কৰাৰ পিছৰে পৰা মালালাক সন্মান জনাই ১২ জুলাইৰ দিনটো আন্তঃৰাষ্ট্ৰীয় মালালা দিৱস হিচাপে পালন কৰা হয়। ১২ জুলাই ১৯৯৭ চনত পাকিস্তানৰ স্বাত ভেলীত জন্ম হৈছিল মালালা ইউছুফজাইৰ।

মলালাৰ শিক্ষা গ্ৰহণৰ অনুমতি নাছিল, কাৰণ তালিবানে ছোৱালীৰ শিক্ষা গ্ৰহণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। ৯ অক্টোবৰ ২০১২ চনত বিদ্যালয়ৰ পৰা নিজ ঘৰ অভিমুখে আহি থকা অৱস্থাত তালিবানে জুলীয়াইছিল মালালাক। মূৰত আৰু কান্ধত তালিবানৰ গুলী লাগিছিল। প্ৰথম অৱস্থাত পাকিস্তানত ইয়াৰ পিছত ইংলেণ্ডত চিকিৎসা প্ৰদান কৰা হৈছিল মালালাক।

লগতে পঢ়ক –  ১০ আৰু ১১ ছেপ্টেম্বত চলচ্ছিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেল

তালিবানৰ গুলীত অহাত হোৱাৰ ৯ মাহ পিছত নিজৰ জন্মদিনত মাত্ৰ ১৬ বছৰ বয়সত মালালাই ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাষণ প্ৰদান কৰিছিল। ১৭ বছৰ বয়সত মালালাই গ্ৰহণ কৰিছিল নোবেল বঁটা। ২০১৪ চনত মালালা ইউছুফজাই আৰু ভাৰতীয় সমাজকৰ্মী কৈলাশ সত্যৰ্থীক শিশুৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া আৰু শিক্ষাৰ অধিকাৰৰ বাবে যুঁজ দিয়াৰ বাবে শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply