গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। দেওবাৰৰ দিনটোত ৰাজ্যত ১২ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে দিনটোত ৰাজ্যত মৃত্যু হৈছে দুজনকৈ ক’ভিড ৰোগীৰ। দেওবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ১.৭৯ শতাংশ।
দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত দেওবাৰে ৬৭১ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ১২ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে দিনটোত দুজনকৈ ক’ভিড আক্রান্তৰ মৃত্যু হৈছে।
দিনটোত সৰ্বাধিক ১২ জন লোক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাৰ পিছতে ১ জন লোক বঙাইগাঁও জিলাত আৰু ১ জন লোক আক্রান্ত হৈছে নগাঁও জিলাত। দেওবাৰৰ দিনটোত ১২ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ২,৯৪৩ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।
লগতে পঢ়ক – ‘৩০২২ত অসমত আপৰ চৰকাৰ হ’ব’:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ইফালে দেওবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ১০৪ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। দিনটোত ৰাজ্যত মৃত্যু হোৱা ক’ভিড ৰোগী দুজনৰ ভিতৰত এজন ডিমা হাছাও আৰু এজন তিনিচুকীয়া জিলাৰ। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।