গুৱাহাটী : আজি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত ই-সেৱা পৰ্টেল মুকলি কৰা হয়। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে সম্পৰ্কিত ১২ টা অনলাইন সেৱা প্ৰদানৰ বাবে এই প’ৰ্টেল মুকলি কৰা হৈছে।
এই সেৱাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা শিক্ষা সংসদৰ সকলো বিষয়া কৰ্মচাৰীয়ে ডিজিটেল মাধ্যমেৰে উচ্চতৰ মাধ্যমিক শিক্ষাৰ সমগ্ৰ প্ৰণালী বজাই ৰখাৰ লক্ষ্য ৰাখিব। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মুকলি কৰে এই প’ৰ্টেল।
এই ১২ টা প’ৰ্টেল ১২ টা বিভিন্ন ধৰণৰ কামৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব। পঞ্জীয়ন প্ৰমাণপত্ৰ সংশোধন, ডুপ্লিকেট পঞ্জীয়ন প্ৰমাণপত্ৰ প্ৰদান কৰা, প্ৰব্ৰজন প্ৰমাণপত্ৰ প্ৰদান কৰা, ডুপ্লিকেট প্ৰব্ৰজন প্ৰমাণপত্ৰ প্ৰদান কৰা, উচ্চতৰ মাধ্যমিকত প্ৰথম বর্ষত নামভৰ্তিৰ বাবে বিলম্বনৰ অনুমতি আদি কামত ব্যৱহাৰ কৰা হ’ব।
লগতে পঢ়ক – বঙাইগাঁও জিলাতো জটিল ৰূপ ধাৰণ কৰিছে বানপানীয়ে
ইয়াৰ লগতে দ্বিতীয় বর্ষত নিয়মীয়া শিক্ষাৰ্থীৰ স্থানান্তৰ, এডমিড কাৰ্ড সংশোধন, উত্তীৰ্ণৰ প্ৰমাণপত্ৰ সংশোধন, মাৰ্কশ্বীটৰ সংশোধান, ডুপ্লিকেট এডমিত কাৰ্ড প্রদান কৰা, উত্তীৰ্ণৰ ডুপ্লিকেট প্ৰমাণ পত্ৰ প্ৰদান কৰা আৰু ডুপ্লিকেট মাৰ্কশ্বীট প্ৰদান কৰা কামৰ ক্ষেত্ৰতো প’ৰ্টেল কেইটা ব্যৱস্থা কৰা হ’ব।