নিউজ ডেস্ক: বোকাখাতৰ কুৰুৱাবাহীৰ “বৃহংগম কৃষক উৎপাদক কোম্পানী”ৰ কৃষকসকলে কৃষি বিভাগৰ সহযোগত উৎপাদন কৰা “অৰ্জুন” আৰু “ই ডব্লিউ-১৩৭” শীৰ্ষক উন্নত প্ৰজাতিৰ ১২০ মেট্ৰিক টন ৰঙালাউ কলকাতা আৰু উৰিষ্যাৰ বজাৰলৈ দেওবাৰে বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয়।

অসমৰ কৃষিখণ্ডৰ ৰূপান্তৰৰ যাত্ৰাৰ অন্যতম সেনানীস্বৰূপ বৃহংগম কৃষক উৎপাদক কোম্পানীটোৰ সৈতে জড়িত কৃষকসকলক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ এই নীৰৱ প্ৰচেষ্টাৰ অন্তঃকৰণেৰে শলাগ লয় কৃষি মন্ত্ৰী অতুল বৰাই।

লগতে অতুল বৰাই কয়, আমাৰ কৃষকসকলৰ দ্বাৰা উৎপাদিত ফচলৰ উপযুক্ত বজাৰ সংযোগীকৰণৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ কৃষি বিভাগে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু এয়া ক্ষিপ্ৰতাৰে অব্যাহত থাকিব।

এই ফ্লেগ্ অফ্ কাৰ্যসূচীত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, চক্ৰ বিষয়া সৌভিক দত্ত, সহকাৰী আয়ুক্ত পাপু গগৈ, গোলাঘাটৰ জিলা কৃষি বিষয়া, খণ্ড উন্নয়ন বিষয়া, বোকাখাতৰ মহকুমা কৃষি বিষয়া প্ৰমুখ্যে কৃষি বিভাগৰ অন্যান্য বিষয়াসকল, পৌৰসভা, পঞ্চায়তৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
লগতে পঢ়ক – “মেড ইন নলবাৰী”লৈ সন্মানীয় জুৰী মেনচন বঁটা