লামডিঙত ১২ লাখ টকাৰ নিষিদ্ধ গাঞ্জা জব্দ
উত্তৰ-পূৱ সীমান্ত ৰে’লৰ জৰিয়তে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ অব্যাহত আছে। লামডিং আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১২ কুইন্টল গাঞ্জা জব্দ কৰাৰ এদিনৰ পিছতে আজি পুনৰ আৰ পি এফে অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ কৰে৷
লামডিং ৰে’লৱে জংচনত আৰ পি এফৰ চি আই বি দলে অভিযান চলাই ১৫৯০৯ নামনিমুৱা আসাম এক্সপ্ৰেছ ৰে’লখনৰ পৰা ১২ টা পেকেটত প্ৰায় ১২১ কেজি নিষিদ্ধ গাঞ্জা জব্দ কৰে৷
আৰ পি এফৰ চি আই বি দলটোৱে বিশেষ সুত্ৰৰ পম খেদি নন্দেশ্বৰ দাসৰ নেতৃত্বত অভিযান চলাই বৃহৎ পৰিমানৰ গাঞ্জা খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ৰে’ল আৰক্ষীয়ে নিষিদ্ধ গাঞ্জা জব্দ কৰে যদিও ইয়াৰ লগত জড়িত কোনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল৷ ভাৰপ্ৰাপ্ত বিষয়াই জানিব দিয়া মতে গাঞ্জা খিনিৰ বজাৰৰ মূল্য প্ৰায় ১২ লাখ ১০ হাজাৰ টকা।