গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। মঙলবাৰৰ দিনটোত ৰাজ্যত ১২৪ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও দিনটোত ৰাজ্যত মৃত্যু হোৱা নাই এজনো ক’ভিড ৰোগীৰ। মঙলবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ২.৮০ শতাংশ।
দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত মঙলবাৰে ৪,৪২৮ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ১২৪ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি।পাইছে যদিও মঙলবাৰৰ দিনটোত এজনো লোক ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰা নাই।
দিনটোত সৰ্বাধিক ২৯ জন লোক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাৰ পিছতে ১৫ জন লোক লখিমপুৰ জিলাত, ১২ জন লোক ডিব্ৰুগড় জিলাত, ১১ জন লোক তিনিচুকীয়া জিলাত আৰু ৯ জন লোক আক্রান্ত হৈছে দৰং জিলাত। মঙলবাৰৰ দিনটোত ১২৪ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ২,৯২৬ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।
লগতে পঢ়ক – Horoscope : আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?
ইফালে মঙলবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ১৫৮ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। ভাল খবৰ যে মঙলবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হোৱা নাই এজনো ক’ভিড ৰোগীৰ। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।