নিউজ ডেস্ক: মধ্য প্ৰদেশত আজি সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৩জনকৈ লোকে মৃত্যুক সাবটি লয়।

আজি পুৱা ইন্দৌৰৰ পৰা পুণেলৈ গৈ থকা মহাৰাষ্ট্ৰৰ এখন চৰকাৰী যাত্ৰীবাহী বাছে এখন দলঙৰ ৰেলিং ভাঙি নৰ্মদা নদীত বাগৰি পৰাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় বুলি মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰই জানিবলৈ দিয়ে।

দুৰ্ঘটনাটোৰ ফলত মৃত্যু ঘটা ১৩ জন লোকৰ মৃতদেহ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে আনহাতে জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় ১৫জন লোকক।

জানিব পৰা মতে মধ্য প্ৰদেশৰ থৰ জিলাত আগ্ৰা–মুম্বাই ৰাষ্ট্ৰীয় ঘাইপথত বৰষুণৰ ফলত চকা পিছলি বাছখন দলঙৰ ৰেলিং ভাঙি শোকাৱহ দুৰ্ঘটনাটোত পতিত হোৱা বুলি সন্দেহ কৰা হৈছে। এন ডি টি ভিত প্ৰকাশ পোৱা মতে বাছখনত ৪০ জন যাত্ৰী আছিল।

উক্ত দুৰ্ঘটনাৰ পিছতে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰি কয়, ”জিলা প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈছে। বাছখন ইতিমধ্যে নদীৰ পৰা তোলা হৈছে। ঘাড়গোন, থৰ জিলা প্রশাসনৰ সৈতে আমি নিৰন্তৰ যোগাযোগ ৰাখিছো। আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।”

লগতে পঢ়ক – আমেৰিকাৰ শ্বপিং মলত বন্দুকধাৰীৰ গুলীচালনাত ৩জন নিহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply