নিউজ ডেস্ক: বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ সোণাৰীৰ সাপেখাটি অঞ্চলত বনৰীয়া কাঠফুলা খাই ১৩ জন লোক অসুস্থ হয়। অসুস্থ আটাইকেইগৰাকী লোক সাপেখাতী কুঁৱৰী পথাৰ আৰু বগাবাঘ অঞ্চলৰ । পুৱাৰ আহাৰত বনৰীয়া কাঠফুলা খোৱাৰ পাচতে অত্যাধিক শৌচ বমি হোৱাত লোককেইগৰাকীক সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷
কুঁৱৰীপথাৰৰ কাঠফুলা খাই একেটা পৰিয়ালৰে আঠজন লোক অসুস্থ হৈ পৰে লোককেইগৰাকী ক্ৰমে ধনীৰাম কৰ্মকাৰ , শংকৰ কৰ্মকাৰ , মমতা কৰ্মকাৰ, হেমন্ত কৰ্মকাৰ , মংলী কৰ্মকাৰ, গণেশ কৰ্মকাৰ, অখিল কৰ্মকাৰ আৰু পৰিস্মিতা কৰ্মকাৰ । আনহাতে বগাবাঘ অঞ্চলৰ আন লোককেইগৰাকী হ’ল নন মুড়া, পিংকী মুড়া, বেলমনী মুড়া, লক্ষী মুড়া আৰু অজয় মুড়া।
বৰ্তমান লোককেইজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু পাচত আটাইকে উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ।