নিউজ ডেস্ক : পুনৰ দেশত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১৩ হাজাৰ ২১৬ জনকৈ লোক। যিটো ৪ মাহৰ পিছত এদিনত আক্রান্ত হোৱা সর্বসাধিক সংখ্যা।
এতিয়াও দেশত অব্যাহত আছে ক’ভিডৰ তাণ্ডৱ। পুনৰ দেশত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডত নতুনকৈ আক্রান্ত লোকৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত দেশত ১৩ হাজাৰ ২১৬ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। আনহাতে মৃত্যুৰ মুখত পৰিছে ২৩ জনকৈ লোক।
ইয়াৰ পৰিবৰ্তে দেশত ক’ভিডৰ লগত যুঁজ দি সুস্থ হৈ উঠা লোকৰ সংখ্যা ৮ হাজাৰ ১৪৮ জন লোক। উল্লেখ্য যে ৪ মাহৰ পিছত দেশত ২৪ ঘণ্টাত ইমান সংখ্যাক লোক ক’ভিডত আক্রান্ত হৈছে।
লগতে পঢ়ক – হোজাইত নাও দুর্ঘটনাত সন্ধানহীন দুটি শিশু
যোৱা ২৪ ঘণ্টাত ২৩ জনকৈ ক’ভিড আক্রান্ত লোকৰ মৃত্যুৰ পিছতে দেশত বৰ্তমানলৈকে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাই স্পৰ্শ কৰিলে ৫,২৪,৮৪০ ৰ ঘৰ। ইফালে সমগ্ৰ দেশতে বৰ্তমানলৈকে ১৯২ কোটি কভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে।