নিউজ ডেস্ক: প্ৰেমিক আৰু খুড়ীয়েকৰ সৈতে লগ হৈ ১৩ বছৰীয়া কিশোৰীয়ে হত্যা কৰিলে ৯ বছৰীয়া নিজ ভগ্নীক। কেৱল হত্যাই নহয়, মৃতদেহটো যাতে চিনাক্ত কৰিব নোৱাৰে তাৰ বাবে এচিডেৰে মুখ জ্বলাই দিয়াৰ লগতে আঙুলিও কাটি পেলায়।
এই ঘটনা বিহাৰৰ বৈশালী জিলাৰ। আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ অভিযোগত ১৩ বছৰীয়া কিশোৰী গৰাকী আৰু আন দুজনক গ্ৰেপ্তাৰ কৰিছে। কিশোৰী গৰাকীক বালিকা সুধাৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লগতে আন দুই অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, ঘটনাতো ১৫ মে’ত হৰপ্ৰসাদ গাঁৱত সংঘটিত হৈছিল। সেই সময়ত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোক কোনো আত্মীয়ৰ বিবাহ অনুষ্ঠানলৈ গৈছিল। পৰিয়ালৰ লোক ঘূৰি আহিয়েই যেতিয়া ৯ বছৰীয়া শিশুটিক বিচাৰি পোৱা নাছিল তেতিয়া আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। ঘটনাৰ তদন্তৰ সময়ত আৰক্ষীয়ে ১৯ মে’ত তেওঁলোকৰ ঘৰৰ পিছফালৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে।
আৰক্ষীয়ে যেতিয়া অভিযুক্তক জেৰা চলাইছিল তেতিয়া স্বীকাৰ কৰিছিল যে ১৮ বছৰীয়া প্ৰেমিকৰ সৈতে মিলি তেওঁ ভনীয়েকক হত্যা কৰিছিল। কিয়নো শিশুটিয়ে তেওঁলোকক অসংযত অৱস্থাত দেখিছিল। তেওঁলোকে ভাৱিছিল যে শিশুটিয়ে এই কথা পিতৃ-মাতৃক কৈ দিব।
প্ৰথমে তেওঁলোকে শিশুটিক হত্যা কৰি বাকচৰ ভিতৰত ভৰাই ঘৰত থৈ দিছিল। কিন্তু পিছত মৃতদেহৰ পৰা গোন্ধ ওলোৱা বাবে তেওঁলোকে শিশুটিৰ মুখত এচিড ঢালি, আঙুলি কাটি মৃতদেহটো ঘৰৰ পিছফালে পেলাই দিছিল। ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ ৩৫ বছৰীয়া খুড়ীয়েককো গ্ৰেপ্তাৰ কৰিছে।