তামুলপুৰ : খাদ্যত বিষক্ৰিয়া হৈ কেইবা গৰাকী ছাত্ৰী চিকিৎসাধীন। নাগ্ৰীজুলি কস্তুৰৱা গান্ধী আবাসিক বালিকা বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। অসুস্থ ছাত্ৰী সকলক চিকিৎসাত ভৰ্তি কৰোৱা হয়।

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত খাদ্যৰ বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে। নাগ্ৰীজুলি কস্তুৰৱা গান্ধী আবাসিক বালিকা বিদ্যালয়ত খাদ্যত বিষক্ৰিয়া ঘটি ১৪ গৰাকীকৈ ছাত্ৰী অসুস্থ হৈ পৰিছে। ছাত্ৰী সকলৰ লগতে বিদ্যালয়খনৰ অধীক্ষক তথা ৱাৰ্ডেন অসুস্থ হৈ পৰিছে বিষক্ৰিয়া ঘটি।

লগতে পঢ়ক –  ছয়গাঁৱত “বৈজ্ঞানিক ভাৱে মৌপালন”ৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰৰ সামৰণি

আহাৰ গ্ৰহণৰ পিছতে সকলো পেটৰ বিষ, বমি আৰু শৌচত আক্রান্ত হয়। আক্রান্ত সকলোকে ততাতৈয়াকৈ নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তামুলপুৰ জিলাৰ সদৰ মহকুমা বিষয়া ইতিমধ্যে চিকিৎসালয়ত উপস্থিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply