গুৱাহাটী : ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাত ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে। অৱশ্যে এতিয়াও ৰাজ্যৰ ৩৫ খন জিলাৰ ভিতৰত ১৪ খন জিলা বছৰৰ দ্বিতীয়টো বানৰ কবলত। এই ১৪ খন জিলাত ৯ লাখ ৬ হাজাৰ লোক প্ৰভাৱিত হৈ আছে বানপানীৰ ফলত।
ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে। নেৰা নেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰা ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল অৱশ্যে এতিয়াও বাঢ়নী পানীৰ তলত আছে। পুনৰ ৰাজ্যত নেৰা নেপেৰা বৰষুণ আৰম্ভ হ’লে আগন্ত দিনত ৰাজ্যৰ বান পৰিস্থিতি আৰু অধিক শোচনীয় হৈ পৰাটো নিশ্চিত। বৰ্তমানেও ৰাজ্যৰ ১৪ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে।
ইফালে বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণৰ মাত্ৰা হ্ৰাস পাইছে যদিও ৰাজ্যত আৰু অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এতিয়াও বান কবলত থকা ৰাজ্যৰ ১৪ খন জিলাৰ ৯ লাখ ৬ হাজাৰ লোক প্ৰভাৱিত হৈ আছে বানপানীৰ ফলত। ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি পাই থকাৰ ফলত কেইবাঠাইটো মাথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে।
লগতে পঢ়ক – গুৱাহাটীৰ পৰা মানকাচৰলৈ যোৱা নৈশ বাছ দুর্ঘটনাগ্ৰস্ত
বৰ্তমানেও বাঢ়নী পানীৰ তলত থকা ১৪ খন জিলাৰ ৩২ টা ৰাজহ চক্ৰৰ ৭০৭ খন গাঁও জলমগ্ন হৈছে আছে। ইফালে বৰাক উপত্যকাৰ বান পৰিস্থিতি লাহে লাহে উন্নত হ’বলৈ ধৰিছে। ভয়ংকৰ বানৰ কবলত পৰা শিলচৰ চহৰৰ বহু অঞ্চল এতিয়াও পানীৰ তলত আছে। ইফালে যোৱা ২৪ ঘণ্টাত বানপানীৰ ফলত ৰাজ্যত ১ জন লোকৰ মৃত্যু হৈছে।