নিউজ ডেস্ক:কেন্দ্ৰীয় চৰকাৰে পুনৰ নিষিদ্ধ কৰিলে ১৪ টাকৈ মোবাইল এপ্লিকেশ্যন। সুৰক্ষা আৰু চোৰাংচোৱা সংস্থাৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই মোবাইল এপৰ জৰিয়তে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে গোপন বাৰ্তা প্ৰেৰণ কৰিছিল। সন্ত্ৰাসবাদীয়ে এই মোবাইল এপসমূহ নিজৰ সমৰ্থক আৰু অন গ্ৰাউণ্ড ৱৰ্কাৰ্চৰ সৈতে যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰি আহিছিল।
কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰা মোবাইল এপসমূহ হৈছে- Crypviser, Enigma, Safeswiss, Wickrme, Mediafire, Briar, BChat, Nandbox, Conion, IMO, Element, Second line, Zangi, Threema আদি।
বিগত কেইটামান বছৰত চৰকাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসমূলক কাৰ্যকলাপ সংঘটিত কৰি অহা সন্ত্ৰাসবাদী সংগঠনৰ যোগাযোগৰ নেটৱৰ্ক বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।