গুৱাহাটী : অসমত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৭,৩০,১৪৩ জনলৈ বৃদ্ধি। দেওবাৰৰ দিনটোত অসমত ১৪৯ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিড। দেওবাৰে ৰাজ্যত মৃত্যু ঘটিছে ৩ জনকৈ ক’ভিড ৰোগীৰ। অসমত বৰ্তমানলৈকে ৬,৬৬৮ জন লোকৰ মৃত্যু হৈছে ক’ভিডত।
দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত দেওবাৰে ১৪৯ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। ফলত অসমত মুঠ আক্ৰান্তৰ সংখ্যা ৭,৩০,১৪৩ জনলৈ বৃদ্ধি পাইছে।
ইফালে দেওবাৰে ৰাজ্যত তিনিজনলৈ লোক ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে। দেওবাৰে তিনিজনৰ মৃত্যুৰ ফলত ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৬,৬৬৮ লৈ বৃদ্ধি পাইছে। দেওবাৰে কামৰূপ (গ্ৰাম্য), নগাঁও আৰু ওদালগুৰি জিলাত ১ জনকৈ ক’ভিড আক্রান্ত লোকৰ মৃত্যু হৈছে। দেওবাৰে আক্রান্ত হোৱা ১৪৯ জন লোকৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৩৮ জন লোক আছে।
লগতে পঢ়ক – চিয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰ
কামৰূপ মহানগৰ জিলাৰ পিছতে আছে শিৱসাগৰ জিলা, শিৱসাগৰত ২৫ জন, কাছাৰত ২৩ জন আৰু নগাঁৱত ৯ জন লোক দেওবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। অসমত সম্প্ৰতি ৩,৬৯১ জন সক্ৰিয় ক’ভিড ৰোগী আছে। যোৱা ২৪ ঘণ্টাত ৩৫১ জনকে ধৰি এতিয়ালৈকে মুঠ ৭,১৮,৪৫২ জন লোক ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে।