নিউজ ডেস্ক: ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে হঠাৎ ছন্দপতন ঘটিছে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিৰ। কৰ্ণাটক বিচধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে এতিয়া এখন দুখন নহয় সমগ্ৰ দেশৰে ১৫ খন ৰাজ্যত শাসনৰ গাদী হেৰুৱাইছে গেৰুৱা দলটোৱে। দিল্লী, পঞ্জাৱ, হিমাচল, বিহাৰ, ঝাৰখণ্ড, ৰাজস্থান, পশ্চিমবঙ্গ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তেলেঙ্গানা, ছট্টিশগড়, তামিলনাডু, কেৰালা আৰু জম্মু কাশ্মীৰত এতিয়া চৰকাৰ নাই বিজেপিৰ। ২০২৪ ৰ নিৰ্বাচনলৈ মাজত এটা বছৰো বাকী নথকা অৱস্থাত স্বাভাৱিকতেই উদ্বিগ্ন হৈ পৰিছে বিজেপি থিংক-টেংক। তাৎপৰ্যপূৰ্ণ ভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ গৃহৰাজ্য হিমাচলত বিজেপিয়ে মুখথেকেচা খোৱাৰ পিছত এইৰাব ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষৰ গৃহৰাজ্য কৰ্ণাটক হেৰুৱাবলগীয়া হৈছে বিজেপিয়ে। এই কথাই বাৰুকৈয়ে শলঠেকত পেলাইছে মোদী-শ্বাহযুটিক।

২৮ খন ৰাজ্যৰ ১৫ খনেই হেৰুওৱা বিজেপি যে দেশৰ ৰাজনীতিত এতিয়া আৰু অপ্ৰতিৰোধ্য শক্তি হৈ থকা নাই সেয়া প্ৰমাণ হৈছে। কৰ্ণাটকত বিজেপিৰ শোচনীয় পৰাজয় আৰু দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ বিশাল বিজয়ে এতিয়া ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অতিশয় উৎসাহী কৰি তুলিছে বিৰোধী শিবিৰক। উল্লেখ্য যে ২০১৪ চনত নৰেন্দ্ৰ মোডী প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পিচৰে পৰা দেশত ইখনৰ পিচত সিখনকৈ ৰাজ্য গেৰুৱা দলে মাত্ৰ এটা বছৰতে পৰাস্ত হৈছে ছখনকৈ বৃহৎ ৰাজ্যৰ নিৰ্বাচনত। শেহতীয়াকৈ পঞ্জাব আৰু হিমাচল প্ৰদেশত চৰকাৰ গঠন কৰাত বিজেপি চূড়ান্তভাৱে ব্যর্থ হোৱাৰ পিচত এতিয়া দক্ষিণ ভাৰতৰ কৰ্ণাটকত চলি থকা গেৰুৱা দলৰ আগ্ৰাসনত মোক্ষম আঘাত হানিছে কংগ্ৰেছে।

উল্লেখ্য যে দেশৰ যিকেইখন ৰাজ্য বিজেপিৰ শাসনত আছে, সেই ৰাজ্যসমূহৰ জনসংখ্যা হৈছে দেশৰ মুঠ জনসংখ্যাৰ ৪৫.৫ শতাংশ। এনেস্থলত দেশৰ অধিকাংশ লোক যে এতিয়া শাসক দল বিজেপিৰ সমৰ্থনত নাই, সেই পৰিসংখ্যাই এয়াই প্রকট কৰি তুলিছে। সেয়া যি কি নহওক, দেশৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্য কৰ্ণাটকত বিজেপিৰ শোচনীয় পৰাজয়ে এতিয়া চিন্তান্বিত কৰি তুলিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক। কাৰণ কৰ্ণাটকৰ নিৰ্বাচনী ৰণক সন্মুখৰ পৰা নেতৃত্ব দিছিল স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে। লগত আছিল অমিত শ্বাহ, জেপি নাড্ডা, বি এল সন্তোষ, উত্তৰ-পূৱৰ চাণক্যখ্যাত হিমন্ত বিশ্ব শৰ্মাকে ধৰি দেশৰ প্ৰায় আটাইবোৰ হেভীৱেইট কেম্পেইনাৰ। নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কৰ্ণাটকৰ ফলাফল বিজেপিৰ অনুকূলে নাযাব বুলি কেইবামাহো পূর্বে নিশ্চিত আছিল। যদিহে কৰ্ণাটকত বিজেপিৰ পৰাজয় হ’ব বুলি দলটোৰ নেতৃত্ব কেইবামাহো পূৰ্বৰ পৰাই নিশ্চিত আছিল, তেন্তে এখন নিশ্চিত পৰাজয়ৰ ৰণৰ সেনাপতিৰূপে কিয় প্ৰক্ষেপ কৰা হৈছিল প্ৰধানমন্ত্ৰীক?

প্ৰাপ্ত খবৰ অনুসৰি কৰ্ণাটকৰ পৰাজয়ৰ পিছতে বি এল সন্তোষ আৰু জে পি নাড্ডাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে দলীয় নেতৃবৰ্গ। এতিয়া ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ মাত্ৰ তিনি মাহ পূৰ্বে আছে দেশৰ আন পাঁচখন অতি গুৰুত্বপূৰ্ণ ৰাজ্যৰ বিধানসভা নির্বাচন। ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নির্বাচন বিজেপিৰ বাবে হ’ব বৃহৎ অগ্নিপৰীক্ষা। ৰণত পৰা আহত ঘোঁৰা বিজেপিক সমুলঞ্চে ধৰাশায়ী কৰিবলৈ এতিয়া কংগ্ৰেছৰ নেতৃত্বত চলিছে উমৈহতীয়া বিৰোধী জোটবন্ধনৰ ব্যাপক কুচকাৱাজ।

ইফালে ইতিহাসে কয়, ২০০৮ চনত বিজেপিয়ে কৰ্ণাটক দখল কৰোতে কংগ্ৰেছে দখল কৰিছিল কেন্দ্ৰ। ২০১৩ ত কৰ্ণাটকত কংগ্ৰেছ, কেন্দ্ৰত বিজেপি। ২০১৮ ত কংগ্ৰেছ জেডিএছৰ কৰ্ণাটক দখল, কেন্দ্ৰত বিজেপি। অৱশ্যে পিছত ১৫ গৰাকী বিধায়কে দলত্যাগ কৰি বিজেপিয়ে চৰকাৰ গঠন কৰাত সুবিধা কৰি দিছিল। এইবাৰো কৰ্ণাটক দখল কৰিছে কংগ্ৰেছে, ইতিহাসৰ পুনৰাবৃত্তি কৰি কেন্দ্ৰ পুনৰ দখল কৰিব নেকি বিজেপিয়ে। সেয়া ক’ব ২০২৪এ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply