গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। শুকুৰবাৰৰ দিনটোত ৰাজ্যত ১৫২ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। শুকুৰবাৰৰ দিনটোত ৰাজ্যত দুজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। শুকুৰবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ২.৭৬ শতাংশ।
দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত শুকুৰবাৰে ৫,৫১২ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ১৫২ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে দুজন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হয় শুকুৰবাৰে।
দিনটোত সৰ্বাধিক ২০ জন লোক আক্রান্ত হৈছে কাছাৰ জিলাত। কাছাৰ জিলাৰ পিছতে ১৯ জন লোক কামৰূপ মহানগৰ জিলাত, ১২ জন লোক ডিব্ৰুগড় জিলাত, ৯ জন লোক গোৱালপাৰা জিলাত আৰু ৯ জন লোক আক্রান্ত হৈছে শিৱসাগৰ জিলাত। শুকুৰবাৰৰ দিনটোত ১৫২ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৩,৩৫৯ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।
লগতে পঢ়ক – Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?
ইফালে শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ২৯০ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। শুকুৰবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হোৱা ক’ভিড ৰোগী দুজনৰ এজন যোৰহাট আৰু এজন শিৱসাগৰ জিলাৰ। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।