নিউজ ডেস্ক- পুনৰ ৰে’ল দুৰ্ঘটনা। এটাৰ পাছত আনটো ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। এইবাৰ বকোৰ শিংৰাত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। এখন মালবাহী ৰে’ল লাইনচ্যুত হৈ ১৬টা ডবা বাগৰি পৰে।

জানিব পৰা মতে, ৰে’লখনত কয়লা কঢ়িয়াই নি আছিল। বঙাইগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল এই মালবাহী ৰে’লখন।

তথ্য অনুসৰি, এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই। এতিয়াও দুৰ্ঘটনাৰ সঠিক কাৰণ জানিব পৰা নাই।

ইতিমধ্যে ঘটনাস্থলীত ৰে’ল বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply