নিউজ ডেস্ক: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আভ্যন্তৰীণ কন্দলে গা কৰি উঠিছে বিজেপিৰ ভিতৰচৰাত। পুনৰ বিজেপিৰ পৰা পদত্যাগ কৰিলে ১৬ জনকৈ সদস্যই।

সোমবাৰে সামাজিক মাধ্যমৰ সক্ৰিয় কৰ্মীৰ সৈতে মুখ্যমন্ত্রীৰে হোৱা বাৰ্তালাপ কাৰ্যসূচীলৈ নিমন্ত্রণ নজনোৱাৰ ক্ষোভত পদত্যাগ কৰে শিৱসাগৰজিলা সামাজিক মাধ্যম কোষৰ বিজেপিৰ ১৬ গৰাকী সদস্যই।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সামাজিক মাধ্যম কোষৰ কাৰ্যকৰ্তাৰে মহানগৰীৰ ২৮ মে’ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত হৈছিল বাৰ্তালাপ। সেই বাৰ্তালাপত নিমন্ত্ৰণ জনোৱা নহ’ল শিৱসাগৰৰ এইসকল সদস্যক।

উল্লেখ্য যে, যি সময়ত খোদ প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী উভয়ে সকলো দলীয় সদস্যৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ বাবে বুথ পৰ্যায়ত সভা অনুষ্ঠিত কৰে,  ঠিক তেনে সময়তে মুখ্যমন্ত্ৰীৰ এই বাৰ্তালাপত বিভাগীয় সদস্যই আমন্ত্ৰণ নোপোৱাত স্বাভাৱিকতেই প্ৰশ্নই দেখা দিছে। সেয়েহে এই পদত্যাগে বাৰুকৈয়ে প্ৰভাৱিত কৰিব বিজেপিৰ ভিতৰচৰাত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply