নিউজ ডেস্ক : দেশত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। বুধবাৰৰ দিনটোত দেশত ১৭,১৩৫ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। বুধবাৰৰ দিনটোত দেশত পজিটিভিটীৰ হাৰ আছিল ৩.৭৬৯ শতাংশ।

দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশত পুনৰ নতুন নতুন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। দেশৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বুধবাৰে ৪,৬৪,৯১৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ১৭,১৪৫ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি।

লগতে পঢ়ক –  Monkeypox: ইয়াৰ লক্ষণ আৰু সংক্ৰমণ প্ৰতিহত কৰাৰ ব্যৱস্থা

বুধবাৰৰ দিনটোত দেশত পজিটিভিটীৰ হাৰ আছিল ৩.৭৬৯ শতাংশ। আনহাতে এই সপ্তাহৰ পজিটিভিটীৰ হাৰ ৪ ৬৭ শতাংশ। বৰ্তমানলৈকে দেশত ৮৭.৬৩ কোটি লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে। দেশত ২০৪.৮৪ কোটি ক’ভিড ভেকচিনেশ্যন কৰা হৈছে। ইয়াৰে ৯৩.৩৬ কোটি দ্বিতীয় পালি আৰু ৯.৪৭ কোটি সুৰক্ষামূলক (তৃতীয়) পালি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply