গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। বুধবাৰৰ দিনটোত ৰাজ্যত ১৭৪ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। ভাল খবৰ যে বুধবাৰৰ দিনটোত ৰাজ্যত এজনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই। বুধবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ৩.৬২ শতাংশ।
দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত বুধবাৰে ৪,৮০৮ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ১৭৪ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও এজনো লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা নাই বুধবাৰে।
দিনটোত সৰ্বাধিক ২৬ জন লোক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাৰ পিছতে ১৬ জন লোক ডিব্ৰুগড় জিলাত, ১৫ জন লোক লখিমপুৰ জিলাত, ১৪ জন লোক ধেমাজি জিলাত আৰু ১৩ জন লোক আক্রান্ত হৈছে কাৰ্বি আংলং জিলাত। বুধবাৰৰ দিনটোত ১৭৪ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ২,৯৭৬ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।
লগতে পঢ়ক – Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?
ইফালে বুধবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ১৮৫ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। ভাল খবৰ যে বুধবাৰৰ দিনটোত ৰাজ্যত এজনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।