নিউজ ডেস্ক : কিছুদিন পূৰ্বে চুবুৰীয়া ৰাজ্য মণিপুৰত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত অসমৰ কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছিল। মণিপুৰৰ শোকাবহ ঘটনাৰ পিছত এইবাৰ অৰুণাচল প্ৰদেশত অসমৰ ১৯ জনকৈ শ্ৰমিক সন্ধানহীন হৈ আছে।
অৰুণাচল প্ৰদেশৰ কুৰোঙ কুমেইত শ্ৰমিক হিচাপে কাম কৰিবলৈ যোৱা অসমৰ ১৯ জনকৈ লোক বিগত দু সপ্তাহ ধৰি সন্ধানহীন হৈ আছে। অৰুণাচল প্ৰদেশ আৰু চীন সীমান্তত পথ নিৰ্মাণৰ কামত সন্ধানহীন ১৯ জন শ্ৰমিকক এজন ঠিকাদাৰে অসমৰ পৰা নিছিল।
প্ৰাৰম্ভিক তথ্যত জানিব পৰা গৈছে যে শ্ৰমিক কেইজনে কাকো অৱগত নকৰাকৈ নিৰ্মাণ কাৰ্য চলি থকা ঠাইৰ পৰা ওলাই আহিছিল। ৫ জুলাই তাৰিখে শ্ৰমিক কেইজনে ঈদৰ বাবে নিৰ্মাণ কাৰ্য চলি থকা ঠাইৰ পৰা ওলাই আহিছিল। তেতিয়াৰে পৰা শ্ৰমিক কেইজন সন্ধানহীন হৈ আছে।
ঘটনা সন্দৰ্ভত কুৰোঙ কুমেই জিলাৰ উপায়ুক্তই জানিবলৈ দিয়ে “শ্ৰমিক সকল সন্ধানহীন হোৱাৰ খবৰ লাভ কৰাৰ পিছতে আমি তেওঁলোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছোঁ। বৰ্তমানলৈকে আমি সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। অঞ্চলটো পাহাৰীয়া হোৱাৰ বাবে অভিযান চলাওঁতে কিছু অসুবিধাৰ সৃষ্টি হৈছে।”
ইতিমধ্যে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে শ্ৰমিক কেইজনক নিয়া ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আমি সেনাৰ পৰাও শ্ৰমিক কেইজনৰ সন্ধান উলিয়াবলৈ সহায় বিচাৰিছোঁ বুলিও জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে। ই’ষ্ট মজোৰ অনুসন্ধানত শ্ৰমিক কেইজনৰ অধিক সংখ্যক নামনি অসমৰ বুলি পোহৰলৈ আহিছে।
লগতে পঢ়ক – President Election Results: ১১ বজাৰ পৰা ভোটগণনা, সন্ধিয়া বিজেপিৰ ‘অভিনন্দন যাত্ৰা’
ইফালে নামনি অসমৰ বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ই’ষ্ট মজোক কয় “অসমৰ জিলাৰ তিনিজনকৈ লোক অৰুণাচল প্ৰদেশত সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। সন্ধানহীন লোক তিনিজন ক্ৰমে আব্দুল আমিন, নুৰ ইছলাম আৰু ৱাজেদ আলী। ইয়াৰে নুৰ ইছলামৰ পৰিয়ালে ইতিমধ্যে গোচৰ ৰুজু কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে।