নিউজ ডেস্ক: বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় প্রযুক্তি দিৱস উপলক্ষে ২০২২ আৰু ২০২৩ বৰ্ষৰ অসম চৰকাৰৰ ৰাজ্যিক বিজ্ঞান বঁটা’ ঘোষিত কৰা হয়। ৰাজ্যৰ বিজ্ঞান প্রযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে। সংবাদমেলত মন্ত্ৰী কেশৱ মহন্তই কয় যে পোখাৰানত ভাৰতে ১৯৯৮ চনত পাৰমাণৱিক পৰীক্ষা সম্পূৰ্ণ কৰাৰ দিনাৰ পৰাই আজিৰ দিনটো ৰাষ্ট্ৰীয় প্রযুক্তি দিৱস হিচাপে পালন কৰি অহা হৈছে।
সেই অনুসৰি বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে ২০২৩ বৰ্ষৰ যুৱ বিজ্ঞানী বঁটা আগবঢ়োৱা হৈছে গুৱাহাটী আই আই টি ডাটা চাইন্সৰ সহকাৰী অধ্যাপক ড. স্নোংগ ৰাজ নেওগলৈ। বিশ্বনাথৰ আকাশ চাইল এণ্ড এনভৰ মেণ্ট এডুকেশান চেণ্টাৰলৈ বিশেষ বিজ্ঞান বঁটা আগবঢ়োৱা হৈছে। আনহাতে ২০২৩ বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য অধ্যাপক কিশোৰী মোহন পাঠকলৈ।
ইয়াৰ পুৰ্বে ৰাজ্যৰ দুই বিশিষ্ট বিজ্ঞানী, দুই যুৱ বিজ্ঞানী আৰু এটা প্ৰতিষ্ঠানলৈ এই বঁটাসমূহ আগবঢ়োৱা হৈছে। অসম বিজ্ঞান প্রযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনৰ ২০২২ বৰ্ষৰ বাবে জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমলেন্দু দেৱ বৈৰীলৈ। একেদৰে ২০২২ বৰ্ষৰ যুৱ বিজ্ঞানী বঁটা আগবঢ়োৱা হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডা মুন মুন দৈৱীলৈ।