ৰহা : ৰাজ্যত অব্যাহত আছে গৰুৰ সৰবৰাহ। পুনৰ জব্দ হৈছে অবৈধভাৱে সৰবৰাহ কৰা ২০ টাকৈ গৰু। ৰহাত ২০ টাকৈ গৰুসহ এখন দহচকীয়া ট্ৰাক জব্দ।
গৰুৰ অবৈধ সৰবৰাহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ কঠোৰ হোৱাৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। পুনৰ শনিবাৰে পুৱাৰ ভাগত অবৈধভাৱে সৰবৰাহ কৰা গৰু জব্দ হৈছে ৰহাত।
ৰহা আৰক্ষীয়ে ৰহা টোলগেট কৰ্তৃপক্ষৰ সহযোগত ২০ টাকৈ অবৈধভাৱে সৰবৰাহ কৰা গৰু জব্দ কৰে। আৰক্ষীয়ে এখন দহচকীয়া ট্ৰাকৰ পৰা গৰু কেইটা জব্দ কৰে। আৰক্ষীয়ে ট্ৰাকখনৰ চালকজনকো আটক কৰে।
লগতে পঢ়ক – অসমৰ তিনিগৰাকী সাহিত্যিকলৈ সাহিত্য একাডেমী বঁটা
এমএন-০১-৯৬১১ নম্বৰৰ এখন দহচকীয়া ট্ৰাকৰ পৰা গৰুখিনি জব্দ কৰে আৰক্ষীয়ে। জানিব পৰা মতে বোকাখাতৰ পৰা গৰু কেইটা মহানগৰীৰ যোৰাবাটলৈ আনি থকা অৱস্থাত আৰক্ষীৰ অভিযানত জব্দ হয়।