নিউজ ডেস্ক: প্ৰাক্তন চৰকাৰী কৰ্মচাৰীৰ বাসগৃহৰ পৰা চিবিআইয়ে জব্দ কৰিলে প্ৰায় ২০ কোটি টকা। মঙলবাৰে দিল্লীৰ WAPCOS লিমিটেডৰ প্ৰাক্তন পৰিচালনা সঞ্চালক ৰাজেন্দ্ৰ কুমাৰ গুপ্তাৰ চৌহদত তালাচী চলাই ২০ কোটি টকা জব্দ কৰে।
চিবিআইয়ে ১৯টা স্থানৰ পৰা নগদ ২০ কোটিতকৈও অধিক টকা জব্দ কৰিছে। ইয়াৰ পূৰ্বে চিবিআইয়ে উপাৰ্জনতকৈ অধিক সম্পত্তি থকাৰ বাবে ৰাজেন্দ্ৰ কুমাৰ গুপ্তাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অভিযানৰ সময়ত তেওঁৰ পৰা বৃহৎ পৰিমাণৰ গহনা, মূল্যৱান সামগ্ৰী আৰু আপত্তিজনক নথি-পত্ৰও উদ্ধাৰ কৰে।
চিবিআইয়ে মত প্ৰকাশ কৰা মতে ৰাজেন্দ্ৰ কুমাৰ গুপ্তাৰ উপাৰ্জনৰ তুলনাত অধিক সম্পত্তি আছে। দিল্লী, গুৰুগ্ৰাম, পঞ্চকুলা, চনিপত আৰু চণ্ডিগড়ৰ ফ্লেট, বাণিজ্যিক সম্পত্তি আৰু ফাৰ্ম হাউচ আদিও আছে লোকজনৰ। ঘটনা সন্দৰ্ভত চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে।