গুৱাহাটী : ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে বছৰৰ প্ৰথমটো বানপানীয়ে। ৰাজ্যৰ ২০ খনকৈ জিলা বুৰাই পেলাইছে বাঢ়নী পানীয়ে। বৰ্তমানলৈকে ২,০২,৩৮৫ জন লোক ক্ষতিগ্ৰস্ত হৈছে বানপানীৰ ফলত। নেৰানেপেৰা বৰষুণৰ লগতে ভূমিস্খলনে পৰিস্থিতি অধিক জটিল কৰি তুলিছে ডিমা হাছাও জিলাত। বহু লোক আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য।
বাঢ়নী পানীয়ে কেইবাটাও পথ উটুৱাই নিছে। বান প্ৰভাৱিত জিলা কেইখন হৈছে বজালী, বাক্সা, বিশ্বনাথ, কাছাৰ, চৰাইদেও, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, হোজাই, কামৰূপ, কাৰ্বি আংলং পশ্চিম, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, ওদালগুৰি। ডিমা হাচাও, কৰিমগঞ্জ আৰু হাইলাকান্দিত এতিয়ালৈকে ৫ টাকৈ বৃহৎ ভূমিস্খলনৰ খবৰ পোৱা গৈছে, য’ত অহৰহ বৰষুণে পথ আৰু যোগাযোগত ব্যাঘাত জন্মাইছে।
লগতে পঢ়ক – বিএছএফ জোৱানক বাংলাদেশী গৰু সৰবৰাহকাৰীৰ আক্ৰমণ
পানী জমা হোৱাৰ ফলত ৰেলপথ, দলং, পথ যোগাযোগৰ ব্যাপক ক্ষতিসাধন হৈছে ডিমা হাছাও জিলাত। চৰকাৰী তথ্য অনুসৰি বানপানীৰ ফলত ৭ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাখনো সন্ধানহীন হৈ আছে। মুঠ ১২৭৭ টা বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৫২৬২ টা বাসগৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে।