নিউজ ডেস্ক- আজি পুৱা ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তি চকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এজন দ্রুতবেগী যাত্রীবাহী বাছে খুন্দিয়াই নিলে চাৰ্ছ পাব্লিক স্কুল বাছক।
জানিব পৰা মতে, এই দুৰ্ঘটনাত যাত্রীবাহী বাছখনত থকা প্ৰায় ২০ গৰাকী যাত্ৰী আহত হয়। কিন্তু সেই সময়ত স্কুল বাছখনত কোনো শিক্ষার্থী নাছিল।
তথ্য অনুসৰি, স্কুল বাছখনে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো অতিক্ৰম কৰিবলৈ লওতেই, সেই মূহুৰ্ততে বৰপেটা অভিমুখী এখন যাত্রীবাহী বাছে প্রচণ্ড জোৰে স্কুল বাছখনক খুন্দা মাৰে। ফলত স্কুল বাছখন তিনিবাৰ বাগৰি এটা বিদ্যুতৰ খুঁটাত খুন্দিয়ায়।
ইফালে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় স্কুল বাছখনৰ চালক, হেণ্ডিমেনসহ যাত্রীবাহী বাছখনৰ ২০ গৰাকী লোকI দুৰ্ঘটনাটোৰ খবৰ পোৱা পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। আৰু লগে লগে আৰক্ষীয়ে আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰায়।