নিউজ ডেস্কঃ গুলপীয়া ৰঙৰ ₹২০০০ টকীয়া নোট এতিয়াৰে পৰা উপলব্ধ নহ’ব। শেহতীয়া ভাৱে RBI ভাৰতীয় সকলো বেংকেই এতিয়াৰে পৰা কোনো গ্ৰাহককেই গুলপীয়া ৰঙৰ ₹২০০০ টকীয়া নোট নিদিবলৈ পৰামৰ্শ আগবঢ়াইছে। ২০১৬ চনৰ নৱেম্বৰ মাহত আৰবিআই আইন, ১৯৩৪ৰ ধাৰা ২৪(১)ৰ অধীনত ₹২০০০ টকা মূল্যৰ প্ৰৱৰ্তন কৰা নোটখন যদি আছে আপুনি তেতিয়া হ’লে বেংকক ঘূৰাই দিব লাগিব। পিছে ৰ’ব এতিয়াই আপুনি যাব নালাগে বেংকলৈ, RBI য়ে নোট সাল-সলনি কৰিবলৈও বান্ধি দিছে সময়। জানোঁ আহক RBI য়ে কিয় বন্ধ কৰিবলগীয়া হ’ল এই গুলপীয়া ৰঙৰ ₹২০০০ টকীয়া নোট,

মূলতঃ অৰ্থনীতিৰ মুদ্ৰাৰ প্ৰয়োজনীয়তা ক্ষিপ্ৰতাৰে পূৰণ কৰাৰ উদ্দেশ্যেৰে সকলো ₹৫০০ আৰু ₹১০০০ৰ লিগেল টেণ্ডাৰৰ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পিছত ২০১৬ চনৰ নৱেম্বৰ মাহত আৰবিআই আইন, ১৯৩৪ৰ ধাৰা ২৪(১)ৰ অধীনত ₹২০০০ মূল্যৰ নোট প্ৰৱৰ্তন কৰা হৈছিল ৷ সেই লক্ষ্য পূৰণ আৰু পৰ্যাপ্ত পৰিমাণে অন্যান্য মূল্যৰ বেংক নোটৰ উপলব্ধতাৰ লগে লগে ২০১৮-১৯ চনত ₹২০০০ টকাৰ নোটৰ ছপা বন্ধ কৰা হয়। ₹২০০০ মূল্যৰ নোটৰ অধিকাংশই ২০১৭ চনৰ মাৰ্চ মাহৰ পূৰ্বে মূদ্ৰণ কৰা হৈছিল আৰু ইয়াৰ আনুমানিক আয়ুস ৪-৫ বছৰৰ শেষৰ পৰ্যায়লৈ আহিছে । ইয়াৰ উপৰিও দেখা গৈছে যে এই মূল্য সাধাৰণতে লেনদেনৰ বাবে ব্যৱহাৰ কৰা নহয়। তদুপৰি, অন্যান্য মূল্যৰ বেংক নোটৰ ষ্টক জনসাধাৰণৰ মুদ্ৰাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে আছে। ওপৰৰ কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ “ক্লীন নোট নীতি” মানি চলি ₹২০০০ মূল্যৰ বেংক নোট প্ৰচলনৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ক্লীন নোট নীতি কি?

এয়া হ’ল জনসাধাৰণৰ বাবে উন্নত মানদণ্ডৰ বেংক নোটৰ উপলব্ধতা নিশ্চিত কৰিবলৈ আৰবিআইয়ে গ্ৰহণ কৰা নীতি।

₹২০০০ নোটৰ লিগেল টেণ্ডাৰ মৰ্যাদা অব্যাহত থাকিবনে?

হয়। ₹২০০০ বেংক নোটৰ লিগেল টেণ্ডাৰ মৰ্যাদা স্থিতি বৰ্তি থাকিব।

সাধাৰণ লেনদেনৰ বাবে ₹২০০০ বেংক নোট ব্যৱহাৰ কৰিব পাৰিনে?

হয়। জনসাধাৰণে তেওঁলোকৰ লেনদেনৰ বাবে ₹২০০০ বেংক নোট ব্যৱহাৰ কৰা অব্যাহত ৰাখিব পাৰে আৰু সেইবোৰ পৰিশোধ হিচাপেও লাভ কৰিব পাৰে। অৱশ্যে, তেওঁলোকক ৩০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে বা তাৰ আগতে এই বেংক নোটবোৰ জমা আৰু/বা সলনি কৰিবলৈ উৎসাহিত কৰা হৈছে।

জনসাধাৰণৰ হাতত থকা ₹২০০০ মূল্যৰ বেংক নোটৰ সৈতে তেওঁলোকে কি কৰা উচিত?

জনসাধাৰণে তেওঁলোকৰ হাতত থকা ₹২০০০ৰ নোট জমা আৰু/বা বিনিময়ৰ বাবে বেংক শাখাসমূহলৈ যাব পাৰে। একাউণ্টত জমা আৰু ₹২০০০ বেংক নোটৰ বিনিময়ৰ সুবিধা ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰলৈকে সকলো বেংকত উপলব্ধ হ’ব। ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰলৈকে আৰবিআইৰ ইছ্যু বিভাগ থকা ১৯টা আঞ্চলিক কাৰ্যালয় (আৰঅ’)তো এই বিনিময়ৰ সুবিধা উপলব্ধ হ’ব ৷

বেংক একাউণ্টত ₹২০০০ নোট জমা কৰাৰ সীমা আছে নেকি?

আপোনাৰ গ্ৰাহকক জানক (কেৱাইচি) নিয়মাৱলী আৰু অন্যান্য প্ৰযোজ্য আইনী/নিয়ামক প্ৰয়োজনীয়তা অনুসৰণ সাপেক্ষে বেংক একাউণ্টত জমা কোনো প্ৰতিবন্ধকতা অবিহনে কৰিব পাৰি।

বিনিময় কৰিব পৰা ₹২০০০ বেংকনোটৰ পৰিমাণৰ কাৰ্য্যকৰী সীমা আছে নেকি?

জনসাধাৰণে এবাৰত ₹২০,০০০/- সীমা পৰ্যন্ত ₹২০০০ বেংক নোট বিনিময় কৰিব পাৰে।

ব্যৱসায়িক প্ৰতিনিধি (বিচি)ৰ জৰিয়তে ₹২০০০ৰ নোট বিনিময় কৰিব পাৰিনে?

হয়, এজন একাউণ্টধাৰীৰ বাবে প্ৰতিদিনে ₹৪০০০/- সীমা পৰ্যন্ত বিচিৰ জৰিয়তে ₹২০০০ নোটৰ বিনিময় কৰিব পাৰি।

কোন তাৰিখৰ পৰা বিনিময় সুবিধা উপলব্ধ হ’ব?

প্ৰস্তুতিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বেংকবোৰক সময় দিবলৈ, জনসাধাৰণক বিনিময় সুবিধা লাভ কৰাৰ বাবে ২৩ মে, ২০২৩ তাৰিখৰ পৰা আৰবিআই-ৰ বেংক শাখা বা আৰঅ’-ৰ ওচৰলৈ যাবলৈ অনুৰোধ জনোৱা হৈছে।

বেংক শাখাৰ পৰা ₹২০০০ ৰ নোট বিনিময় কৰিবলৈ সেই বেংকটোৰ গ্ৰাহক হোৱাটো প্ৰয়োজনীয় নেকি?

নহয় ৷ কোনো একাউণ্ট নথকা লোকেও যিকোনো বেংক শাখাত এবাৰত ₹২০,০০০/- সীমালৈকে ₹২০০০ ৰ বেংক নোট বিনিময় কৰিব পাৰে।

যদি কাৰোবাক ব্যৱসায় বা অন্য কামত ₹২০,০০০/-তকৈ অধিক নগদ ধনৰ প্ৰয়োজন হয় তেন্তে কি হ’ব? 

কোনো নিষেধাজ্ঞা অবিহনে একাউণ্টত ধন জমা কৰিব পাৰিব। ₹২০০০ ৰ নোট বেংক একাউণ্টত জমা কৰিব পাৰি আৰু তাৰ পিছত এই জমা ধনৰ বিপৰীতে প্ৰয়োজনীয়তা অনুসৰি নগদ ধন উলিয়াব পাৰি ৷

বিনিময় সুবিধাৰ বাবে কোনো মাচুল পৰিশোধ কৰিব লাগিব নেকি?

নালাগে ৷ বিনিময়ৰ সুবিধা বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।

জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম ব্যক্তি আদিৰ বাবে বিনিময় তথা জমা ধনৰ বিশেষ ব্যৱস্থা হ’বনে?

₹২০০০ ৰ নোট বিনিময়/জমা কৰিব বিচৰা জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম ব্যক্তি আদিৰ অসুবিধা হ্ৰাস কৰাৰ ব্যৱস্থা কৰিবলৈ বেংকসমূহক নিৰ্দেশ দিয়া হৈছে।

যদি কোনো এজন ব্যক্তিয়ে ততালিকে ₹২০০০ ৰ বেংক নোট জমা / বিনিময় কৰিব নোৱাৰে তেন্তে কি হ’ব ?

জনসাধাৰণৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো মসৃণ আৰু সুবিধাজনক কৰি তুলিবলৈ ₹২০০০ ৰ বেংক নোট জমা আৰু/বা বিনিময়ৰ বাবে চাৰি মাহতকৈ অধিক সময় দিয়া হৈছে। জনসাধাৰণক নিৰ্ধাৰিত সময়ৰ ভিতৰত নিজৰ অৱকাশ অনুসৰি এই সুবিধা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে।

যদি বেংকে ₹২০০০ৰ বেংক নোটৰ জমা বিনিময় /গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে কি হ’ব?

সেৱাৰ অভাৱৰ পৰিপ্ৰেক্ষিতত অভিযোগ নিষ্পত্তিৰ বাবে অভিযোগকাৰী / অসন্তুষ্ট গ্ৰাহকে প্ৰথমে সংশ্লিষ্ট বেংকৰ ওচৰলৈ আহিব পাৰে। যদি বেংকে অভিযোগ দাখিল কৰাৰ ৩০ দিনৰ ভিতৰত সঁহাৰি নিদিয়ে বা বেংকে দিয়া সঁহাৰি/সমাধানত যদি অভিযোগকাৰী সন্তুষ্ট নহয় তেন্তে অভিযোগকাৰীয়ে ৰিজাৰ্ভ বেংক – সংহত লোকপাল আঁচনি (আৰবি-আইঅ’এছ), ২০২১ৰ অধীনত আৰবিআইৰ অভিযোগ ব্যৱস্থাপনা ব্যৱস্থা প’ৰ্টেল (cms.rbi.org.in) ত অভিযোগ দাখিল কৰিব পাৰে ৷

লগতে পঢ়ক – দুদিনীয়া কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ত “দ্যা কটন কনক্লেভ ২০২৩”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply