নিউজ ডেস্ক: ক্ৰমাগত ২০২৬ ৰ ফিফা বিশ্বকাপ। ফুটবল ক্ৰীড়াপ্ৰেমী বাবে ফিফা বিশ্বকাপ অন্য এক আনন্দদায়ক উৎসৱৰ দৰে। লছ এঞ্জেলছ চহৰৰ গ্রিফিথ অবজাৰভেটৰিৰ বর্ণাঢ্য অনুষ্ঠানত বিশ্বকাপৰ ল’গ’ মুকলি কৰে ইনফেন্টিনো আৰু ব্ৰাজিলৰ ৰ’নাল্ডোৱে।

উল্লেখ্য যে, ল’গৰ বেকগ্ৰাউণ্ডত বগা ৰঙেৰে লিখা আছে ‘২৬’। ২৬ সংখ্যাৰ ওপৰত আকর্ষণ হিচাপে বহুওৱা হৈছে বিশ্বকাপ ট্রফী। এইবাৰ প্ৰথমবাৰৰ বাবে ফিফাৰ বিশ্বকাপৰ ল’গত ট্ৰফী আৰু আয়োজনৰ বছৰ ব্যৱহাৰ হৈছে।

ফিফাৰ সভাপতি ইনফেণ্টিনোৱে ‘উই আৰ ২৬’ হেছটেগৰ জৰিয়তে কেম্পেইনো আৰম্ভ কৰিছে। এই ল’গ’ৰ ডিজাইন কৰিছে ফিফাৰ নিজস্ব ব্রেণ্ডিং টীমে।

উল্লেখ্য যে, ২০২৬ ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰিবলগীয়া দেশৰ সংখ্যা ৪৮ লৈ বৃদ্ধি কৰা হৈছে। আয়োজক আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোই ইতিমধ্যেই ২০২৬ ৰ বাবে সকলো প্ৰস্তুতি আৰম্ভ কৰিছে। দলৰ সংখ্যা যিহেতু অধিক সেইবাবে দেশ সমূহে সন্মুখীন হ’ব পাৰে বৃহৎ সমস্যাৰ। সেইবাবে ফিফা সভাপতি জিয়ান্নি ইনফেন্টিনোৱৰ সৈতে আয়োজক দেশে আলোচনা কৰি সকলো আহিবলীয়া সমস্যাৰ সমাধানৰ বাবে এতিয়াৰে পৰা কাম আৰম্ভ কৰিছে।

লগতে পঢ়ক – অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত “প্ৰাকৃতিক কৃষি সন্মিলন-২০২৩”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply