গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২০ সংখ্যক মৃত্যুবাৰ্ষিকী। হস্তিৰ কন্যা বুলি খ্যাত শিল্পীগৰাকীৰ মৃত্যু তিথিত সমগ্ৰ ৰাজ্যবাসীয়ে আজি স্মৰণ কৰে।

গোৱালপৰীয়া লোকগীতেৰে অসমীয়া সংগীতৰ ক্ষেত্ৰখনক চহকী কৰা প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম হৈছিল ১৯৩৪ চনৰ ৩ অক্টোবৰত। ১৯৫৬ চনত ড॰ ভূপেন হাজৰিকাৰ “এৰা বাটৰ সুৰ” চলচ্চিত্ৰত দুটি গীতত কণ্ঠদানেৰে তেখেতে সংগীতৰ মূল জগতত খোজ পেলায়। গোৱালপৰীয়া লোকগীতলৈ অৱদানৰ বাবে তেখেতে পদ্মশ্ৰী বঁটা আৰু ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।

১৯৫৭ চনত ভাৰতীয় গণনাট্য সংঘৰ অধিবেশনত গুৱাহাটীৰ জজ খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিমা পাণ্ডেই ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস, দিলীপ শৰ্মা আদিৰ সৈতে একেলগে গীত পৰিবেশন কৰি ৰাজহুৱা সংগীত জীৱন আৰম্ভ কৰে। ১৯৬২ চনত তেখেতে পোনপ্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ’ত “হস্তীৰ কন্যা”, “কেনেহে ৰাধিব তোৰ বিৰহ মন” আৰু “একেবাৰ হৰি বোল মন ৰচনা” গীত পৰিবেশন কৰি শ্ৰোতাৰ সমাদৰ লাভ কৰে।

সোণাৰ বৰণ পাখী, হস্তীৰ কন্যাৰ দৰে বহু কালজয়ী গীতেৰে অসমীয়া সংগীত জগতক চহকী কৰিছিল দেশৰ সংগীতৰ ক্ষেত্ৰ। ২০০২ চনৰ আজিৰ দিনটোতে ‘হস্তীৰ কন্যা’ প্ৰতিমা পাণ্ডেই মৃত্যুবৰণ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply