গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। বুধবাৰৰ দিনটোত ৰাজ্যত ২১৪ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। বুধবাৰৰ দিনটোত ৰাজ্যত এজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। বুধবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ৩.৬৩ শতাংশ।
দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত বুধবাৰে ৫,৮৯১ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ২১৪ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ৰাজ্যত এজন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হয় বুধবাৰে।
বুধবাৰৰ দিনটোত সৰ্বাধিক ২৮ জন লোক আক্রান্ত হৈছে ডিব্ৰুগড় জিলাত। ডিব্ৰুগড় জিলাৰ পিছতে ২৩ জন লোক তিনিচুকীয়া জিলাত, ১৯ জন লোক কাছাৰ জিলাত, ১৭ জন লোক কামৰূপ মহানগৰ জিলাত আৰু ১৭ জন লোক আক্রান্ত হৈছে শিৱসাগৰ জিলাত। বুধবাৰৰ দিনটোত ২১৪ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৩,৫৭২ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।
লগতে পঢ়ক – মইনা নায়কে পালে ক্ষতিপূৰণ, ১৩ লাখ দিবলৈ বাধ্য হ’ল কলঘৰৰ মালিক
ইফালে বুধবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৩৯৫ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। বুধবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হোৱা একমাত্ৰ ক’ভিড ৰোগীজন শোণিতপুৰ জিলাৰ। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।