নিউজ ডেস্ক: আজি দেশৰ ৪৫ টা স্থানত বিশালভাৱে আয়োজন কৰা হৈছে ৰোজগাৰ মেলা। এই ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৭১ হাজাৰ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে।

মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত ৰোজগাৰ মেলাৰ যোগেদি ৰাজ্যৰ ২১৭ গৰাকী নিৱনুৱা যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা ৰোজগাৰ মেলাত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মন্ত্ৰীগৰাকীৰ লগতে অনুষ্ঠানত ভালে সংখ্য়ক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানত মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যুৱক-যুৱতীসকলক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰে।

অনুষ্ঠানটোত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে আগন্তুক সময়ত উত্তৰ-পূব নৱভাৰতৰ নতুন ইঞ্জিন হ’ব। ৯ বছৰত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্য আগবাঢ়ি গৈছে । অর্থনৈতিক দিশত ভাৰতবৰ্ষ পঞ্চম বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে বুলিও উল্লেখ কৰে।

লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱশক্তিৰ সৱলীকৰণৰ বাবে ৰোজগাৰ মেলাৰ যোগেদি সুযোগ প্রদান কৰিছে । এই মেলাৰ যোগেদি ১০ লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । আজি পঞ্চম পৰ্যায়ত নিযুক্তি পত্ৰ দিয়া হ’ল বুলি তেওঁ সদৰী কৰে।

তাৰোপৰি তেওঁ কয় এতিয়ালৈকে চাৰে তিনি লাখৰো অধিক নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply