নিউজ ডেস্ক: উজনি অসমৰ প্ৰাণ কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত হয় ২১ সংখ্যক দীক্ষান্ত সমাৰোহ।ভাৰতৰ মহামান্য উপ ৰাষ্ট্ৰপতি জগদীপ ধনখেড় উক্ত দীক্ষান্ত সমাৰোহত মুখ্য অতিথিৰ আসন অংলকৃত কৰি দীক্ষান্ত ভাষণ প্ৰদান কৰে।

সমাৰোহখনিত সভাপত্বি কৰে অসমৰ মাননীয় ৰাজ্যপাল তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য গুলাব চান্দ কাটাৰীয়া। লগতে দীক্ষান্ত সমাৰোহত উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিযুক্তি ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড০ ৰনোজ পেগুয়েও এই অনুষ্ঠানত উপস্থিত থাকে।

২১সংখ্যক সমাৱৰ্তন অনুষ্ঠানত আজি ভাষণ আগবঢ়াই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক “পৰিৱৰ্তনৰ এজেণ্ট” হ’বলৈ আৰু সমাজত ইতিবাচক পৰিৱৰ্তন অনাৰ দিশত কাম কৰিবলৈ আহ্বান জনায়। ‘আপোনালোকে ২০৪৭ চনত ভাৰতৰ নিৰ্মাতা আৰু যোদ্ধা, যিসময়ত দেশে স্বাধীনতাৰ শতবাৰ্ষিকী পালন কৰিব।”

প্ৰতিযোগিতাক শ্ৰেষ্ঠ গুৰু আৰু ভয়ক আটাইতকৈ বেয়া শত্ৰু বুলি অভিহিত কৰি শ্ৰী ধনখৰে ছাত্ৰ-ছাত্ৰীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু কেতিয়াও মানসিক চাপ নল’বলৈ কয়। “সপোন দেখক, কিন্তু কেৱল সপোন দেখা মানুহ নহ’ব, কৰ্তা হওক,” তেওঁ শিক্ষাৰ্থীসকলক কয়৷

লগতে উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে কয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেণ্টাৰ অৱ এক্সেলেন্স ইন পাৰফৰ্মিং আৰ্টছৰ নাম আধুনিক ভাৰতৰ অন্যতম বিখ্যাত সাংস্কৃতিক আদৰ্শ ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ নামেৰে উপযুক্তভাৱে ৰখা হৈছে।  দেশৰ আটাইতকৈ দীঘল পথ দলংখন অসমত আছে আৰু উপযুক্তভাৱে কিংবদন্তি গৰাকীৰ নামেৰে- ভূপেন হাজৰিকা দলঙ নাম ৰখা হৈছে।

ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে, উদ্ভাৱনী চিন্তা আৰু শিক্ষাৰে সমৃদ্ধ হৈ বৌদ্ধিক, সাংস্কৃতিক আৰু অন্যান্য ক্ষেত্ৰসমূহৰ বিকাশৰ পথত উদ্যমী হিচাপে গঢ় লোৱাৰ উপযুক্ত সময় আমাৰ সন্মুখত আহি পৰিছে। অসমৰ যুৱপ্ৰজন্মই নিজকে নিয়োগকৰ্তা ৰূপে গঢ় দি অন্য দহগৰাকী ব্যক্তিৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত উদ্যম গ্ৰহণ কৰাৰ বাবে উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিব লাগিব।

লগতে শৰ্মাই কয়, অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ অহা ধনাত্মক পৰিৱেশে ৰাজ্যখনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। সকলো প্ৰতিবন্ধকতা অতিক্ৰম কৰি শিক্ষা, উদ্ভাৱনী চিন্তা আৰু উদ্যমেৰে আগবাঢ়ি যাব লাগিব।

এইবাৰ দীক্ষান্ত সমাৰোহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সাহিত্য জগতত অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে সাহিত্যিক নিৰুপমা বৰগোহাঞিক সন্মানীয় ডি লীট আৰু বতৰ বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰলৈ আগবঢ়োৱাৰ অৱদানৰ বাবে বিজ্ঞানী ড০ ভূপেন্দ্ৰ নাথ গোস্বামীক ডি এছ চি সন্মানেৰে সন্মানিত কৰা হয়।

২১ সংখ্যক দীক্ষান্ত সমাৰোহত বিশ্ববিদ্যালয় খনৰ মুঠ ১,৭২০ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। তাৰে ৭৫ জনক পি এইচ ডি, ৭২ জনক এম ফিল ডিগ্ৰী, ৩৬ জন শিক্ষাৰ্থীয়ে স্নাতকোত্তৰত নিজ বিভাগত শ্ৰেষ্ঠত্বৰ প্ৰদৰ্শনৰ বাবে “Governor’s Gold Medal for Excellence”, কলা, বিজ্ঞান আৰু বাণিজ্য শিতানত ৩ জন শিক্ষাৰ্থীয়ে স্নাতকত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে “Governor’s Gold Medal for Excellence” প্ৰদান কৰা হয়।

তদুপৰি, স্নাতকোত্তৰত নৃতত্ত্ব বিভাগৰ চন্দনমিতা পাঠকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্ব্বোচ্চ CGPA লাভ কৰা বাবে জোনালী ক্ৰপি মেম’ৰিয়েল এনডাউমেণ্ট এৱাৰ্ড এণ্ড গল্ড মেডেল প্ৰদান কৰা হয়।

লগতে পঢ়ক – এটা পুৰণি স্মৃতিয়ে ক্ৰিকেটাৰ হৰভজন সিঙক আজিও লজ্জিত কৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply