নিউজ ডেস্ক: তামিলনাডুত অনুষ্ঠিত ২১সংখ্যক ৰাষ্ট্ৰীয় ফেড কাপ জুনিয়ৰ ২০অনুৰ্ধ্ব এথলেটিকচ চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ সফলতা। বৰপেটাৰ উত্তৰ আঠিয়াবাৰীৰ মেহদী হাচানে লৰাৰ ১৫০০মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে।

৩:৪৯:৭৩মিনিট সময়েৰে দৌৰ সম্পূৰ্ণ কৰি পদক অৰ্জন কৰে মেহদীয়ে। এই প্ৰদৰ্শনেৰে এছিয়ান জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন মেহদীৰ।

বৰ্তমান ভূপালত অনুশীলন চলাই থকা মেহদীয়ে অসমত নৱজিত মালাকৰৰ তত্বাৱধানত প্ৰশিক্ষন গ্ৰহন কৰিছিল।
জুনত দক্ষিন কোৰিয়াত অনুষ্ঠিত হব এচিয়ান জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত যোগদান কৰিব মেহদীয়ে।

আজি নিশা ৮০০মিটাৰ দৌৰতো ট্ৰেকত নামিব মেহদী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply