গুৱাহাটী : নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভয়াবৰ ৰূপ ধৰণৰ কৰিছে বছৰৰ প্ৰথমটো বানে। এতিয়াও ৰাজ্যৰ ৭ খন জিলাৰ ২২২ খন গাঁও জলমগ্ন হৈ আছে। বছৰৰ প্ৰথমটো বানপানীত প্ৰভাৱিত হৈছে ৫৬ হাজাৰতকৈও অধিক লোক।

বিগত কিছুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত ভয়াবহ ৰূপ ধৰণৰ কৰিছে বানপানীয়ে। বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত ইখনৰ পিছত সিখন গাঁও জলমগ্ন হৈ পৰিছে। বৰ্তমানলৈকে ২২২ খন গাঁও বুৰাই পেলাইছে বাঢ়নী পানীয়ে। ৫৬ হাজাৰতকৈও অধিক লোক প্ৰথমটো বানপানীত প্ৰভাৱিত হৈছে।

লগতে পঢ়ক –  ধাৰাসাৰ বৃষ্টিপাতঃ দুদিনৰ বাবে গুৱাহাটীত এলাৰ্ট জাৰি

ইফালে নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনে তাণ্ডৱ চলাইছে ডিমা হাছাও জিলাত। জিলাখনৰ ১২ খনকৈ গাঁৱত হোৱা ভয়াবহ ভূমিস্খলনৰ ফলত যাতায়ত ব্যবস্থা সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে। হাফলং ৰে’ল ষ্টেচন এতিয়া বোকাৰে ভৰি পৰিছে। ডিমা হাছাও জিলাত এগৰাকী শিশুসহ তিনিজনকৈ লোকৰ মৃত্যু হৈছে ভূমিস্খলনৰ ফলত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply