নিউজ ডেস্ক: লিবিয়াৰ এখন আদালতে হত্যাকে ধৰি বিভিন্ন অপৰাধত ইছলামিক ষ্টেটৰ ২৩ জন উগ্ৰপন্থীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ইয়াৰ উপৰিও ১৪ জনক যাৱজ্জীৱন কাৰাদণ্ড আৰু আন ১৪ জনক বিভিন্ন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। সোমবাৰে আদালতে এই ৰায়দান ঘোষণা কৰে।

উল্লেখ্য যে ২০১১ চনত লিবিয়াত গণ অভ্যুত্থান হৈছিল। এই অভ্যুত্থানক সমৰ্থন কৰিছিল নাটোৱে। যাৰ বাবে ইছলামিক ষ্টেটৰ লিবিয়া শাখাটো অতি সক্ৰিয় হৈ উঠিছিল। তেওঁলোকে ২০১৫ চনত ত্ৰিপুলীৰ এখন হোটেলত আক্ৰমণ চলাই ৯ জন লোকক হত্যা কৰিছিল।

ইয়াৰ পূৰ্বে ইছলামিক ষ্টেটৰ উগ্ৰপন্থীয়ে কেইবাজনো ইজিপ্তৰ খ্ৰীষ্টানক অপহৰণ আৰু  হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ ঘটনাসমূহ আনকি ভিডিঅ’ত বন্দী কৰি প্ৰচাৰো কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply