নিউজ ডেস্ক: দক্ষিণ ভাৰতৰ ৰাজ্যখনত কংগ্ৰেছ চৰকাৰে ক্ষমতা গ্ৰহণ কৰাৰ এসপ্তাহ পিছত মন্ত্রীসভাত ২৪ জন বিধায়কক কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে। কৰ্ণাটকৰ নতুন চৰকাৰখনৰ ২৪ জন কংগ্ৰেছ বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে আজি শপত গ্ৰহন কৰিব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ লগতে দহজন কেবিনেট মন্ত্ৰী আৰু উপ-মুখ্যমন্ত্রী ডি কে শিৱকুমাৰে ২০ মে’ত শপত গ্ৰহণ কৰিছিল ।
নতুনকৈ সম্প্ৰসাৰিত কেবিনেটত বিধায়ক এইচ কে পাটিল, কৃষ্ণ বাইৰেগৌড়া, এন চেলুভাৰায়াস্বামী, কে ভেঙ্কটেশ, এইচ চি মহাদেৱাপ্পা, কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ঈশ্বৰ খান্দ্ৰে আৰু ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দীনেশ গুণ্ডু ৰাও অন্তর্ভুক্ত হ’ব ।
অন্যান্য সকলৰ ভিতৰত ক্যাটাছান্দ্ৰা এন ৰাজান্না, শৰণবাসপ্পা দৰ্শনপুৰ, শিৱানন্দ পাটিল, ৰামাপ্পা বালাপ্পা টিম্মাপুৰ এছ এছ মল্লিকার্জুন, শিৱৰাজ সংগপ্পা টাংগাদাগী, চৰণপ্ৰকাশ ৰুদ্ৰপ্পা পাটিল, মনকাল বৈদ্য, লক্ষ্মী হেব্বালকাৰ, ৰহিম খান, ডি সুধাকৰ, সন্তোষ লাড, এন এছ বচেৰাজু, সুৰেশ বি এছ, মধু বংগৰাপ্পা, মধু বঙ্গৰাপ্পা, এম চি সুধাকৰ আৰু বি নাগেন্দ্ৰই শপত গ্ৰহণ কৰিব।
উল্লেখ্য যে কর্ণাটক মন্ত্রীসভাত সৰ্বমুঠ ৩৪ জন মন্ত্রী থাকিব পাৰে ।