গুৱাহাটী : ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও এতিয়াও ৰাজ্যৰ কেইবাখনো জিলাৰ বহু অঞ্চল বাঢ়নী পানীৰ তলত আছে। বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ লগে লগে বান পৰিস্থিতি উন্নত হৈছে যদিও উৎকট গৰমে দহিছে ৰাজ্যবাসীক। বাঢ়নী পানী কমিছে যদিও এতিয়াও ৰাজ্যৰ ৩৫ খন জিলাৰ ৪ খন জিলাৰ বহু অঞ্চল পানীৰ তলত আছে। এই ৪ খন জিলাত ৫ হাজাৰ ১৬৯ জন লোক প্ৰভাৱিত হৈ আছে বানপানীৰ ফলত।
ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে। নেৰা নেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰা ৰাজ্যৰ প্ৰায় সংখ্যক জিলাৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত আছে। ইফালে বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ পিছতে তাপমাত্ৰা বৃদ্ধি পোৱাত উৎকট গৰমে ৰাজ্যবাসীক দহিছে। বৰ্তমানেও ৰাজ্যৰ ৪ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ পানীৰ তলত আছে।
লগতে পঢ়ক – নগাঁৱত জামিন লাভৰ পাছতে মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক ৰাণা প’গাগক
ইফালে বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণৰ মাত্ৰা হ্ৰাস পাইছে যদিও ৰাজ্যত আৰু অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এতিয়াও বান কবলত থকা ৰাজ্যৰ ৪ খন জিলাৰ ৫ হাজাৰ ১৬৯ জন লোক প্ৰভাৱিত হৈ আছে বানপানীৰ ফলত। ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি পাই থকাৰ ফলত কেইবাঠাইটো মাথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে।বৰ্তমানেও বাঢ়নী পানীৰ তলত থকা ৪ খন জিলাৰ ৪ টা ৰাজহ চক্ৰৰ ৩৫ খন গাঁও জলমগ্ন হৈছে আছে। বানপানীৰ ফলত যোৱা ২৪ ঘণ্টাত এজনো লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।