নিউজ ডেস্ক- অসম চৰকাৰে ৰাজ্যৰ দুশ বছৰ সম্পন্ন হোৱা চাহকলৈ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে ক্ষুদ্ৰ কলঘৰ স্থাপনৰ গুৰুত্ব আৰোপ কৰিছে।  

জানিব পৰা মতে, চৰকাৰৰ ৰাজহ শিতানত জনা হৈ থকা চাহৰ উপকৰৰ ধনেৰে ৭০শতাংশ ক্ষুদ্ৰ কলঘৰ স্থাপনৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰী কাৰ্য্যালয়ত দাখিল কৰা হৈছে। ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাই প্ৰস্তাৱ প্ৰস্তুত কৰি উদ্যোগ বিভাগৰ ওচৰত দাখিল কৰিছিল আৰু উদ্যোগ বিভাগে প্ৰস্তাৱৰ অনুমোদনৰ বাবে মুখ্যমন্ত্ৰী কাৰ্য্যালয়ত দাখিল কৰিছে।

আনহাতে, ক্ষুদ্ৰ কলঘৰৰ অভাৱত ক্ষুদ্ৰ চাহ খেতিয়কসকলে বৰ্তমান সময়ত বটলিফ ফেক্টৰী আৰু বাগিচাৰ ফেক্টৰীৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে। তাৰ ফলত কেঁচাপাতৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছে। বটলিফ ফেক্টৰীসমূহে উচিত মূল্য নিদিয়াত ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰায়ে কম মূল্যত কেঁচাপাত বিক্ৰী কৰি আহিছে।

আনহাতে, ৰাজ্য চৰকাৰে ২০০৯-২০১৬ চন পর্যন্ত ক্ষুদ্র চাহ খেতিয়কসকলৰ পৰা উপ কৰ সংগ্ৰহ কৰিছিল। ২০০৯ চনত প্ৰতি কিল’ গ্রাম কেঁচা পাতৰ বিপৰীতে ২০ পইচাকৈ আৰু পৰৱৰ্তী সময়ত ২৫পইচাকৈ সংগ্ৰহ কৰিছিল। কিন্তু ২০১৬ চনৰ পাছৰ পৰা চাহৰ উপ কৰ সংগ্ৰহ প্ৰক্ৰিয়াতো চৰকাৰে বন্ধ কৰি দিয়ে আৰু বিগত সময়ত সংগ্ৰহ কৰা উপ কৰৰ ধন ৰাজহ জমা শিতানত জমা ৰাখে।

লগতে, উপ কৰৰ নামত সংগৃহীত ধনৰ প্ৰায় ১০০ কোটি মান টকা চাহৰ গৱেষণা, প্ৰশিক্ষণ আদিৰ নামত ব্যয় কৰে। বাকি থকা ধন প্ৰায় ১৮৩ কোটি টকা জমা হৈ আছে। এই জমা হৈ থকা ধনেৰে বৰ্তমান ক্ষুদ্ৰ কলঘৰ স্থাপনৰ প্ৰস্তাৱ উদ্যোগ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল কৰা হৈছে। আনহাতে, উপ কৰৰ এই ৭০শতাংশ ধন যদি ৰাজ্য চৰকাৰে মুকলি কৰি দিয়ে তেতিয়া ৰাজ্যখনত প্ৰায় ২৫০টা ক্ষুদ্ৰ কলঘৰ স্থাপন কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply