কাজিৰঙা : ২০২১-২০২২ পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৈ আহিছে ২,৫৫,৬৭৬ গৰাকী পৰ্যটক। চলিত পৰ্যটন বর্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলে সংগ্ৰহ কৰিছে ৬,২৪,০৮,৪৫৪ টকাৰ ৰাজহ।
৩১ মে’ত অন্ত পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ পৰ্যটন বৰ্ষ। ৩১ মে’ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হয়। যোৱা দুটা বছৰ ক’ভিডসৃষ্ট পৰিৱেশৰ ফলত পৰ্যটকৰ বাবে বন্ধ আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল।
অৱশ্যে ক’ভিডসৃষ্ট পৰিৱেশ উন্নত হোৱাত চলিত পৰ্যটক বর্ষত পুনৰ দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত। মুঠ ২,৫৫,৬৭৬ গৰাকী পৰ্যটক আহিছে এইবাৰ কাজিৰঙাত। ইয়াৰে ২,৫৩,৯৮৯ গৰাকী দেশী আৰু ১,৬৭৮ গৰাকী বিদেশী পৰ্যটক।
লগতে পঢ়ক – পদ্মশ্ৰী য়েছে দৰজে ঠংছিক ২০২১ বৰ্ষৰ লুম্বেৰ দাই সাহিত্য বঁটা প্ৰদান
এইবাৰ এই বৃহৎ সংখ্যক পৰ্যটকৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলে সংগ্ৰহ কৰিছে ৬,২৪,০৮,৪৫৪ টকাৰ ৰাজহ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ২০২১ ৰ ডিচেম্বৰ মাহতে কাজিৰঙালৈ আহিছিল ৫৫,৭৭৩ গৰাকী পৰ্যটক।