গুৱাহাটী : ৰাজ্যত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত ক্ৰমাৎ অধিক জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। বৰ্তমানলৈকে ৰাজ্যৰ ২৮ খনকৈ জিলা বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে। এই ২৮ খন জিলাত ১৮ লাখ ৯৪ হাজাৰ ৩৭৩ জন লোক প্ৰভাৱিত হৈছে বছৰৰ দ্বিতীয়টো বানত।
ৰাজ্যৰ বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ দিশত গতি কৰিছে। নেৰা নেপেৰা বৰষুণ অব্যাহত থাকিলে আগন্ত দিনত ৰাজ্যৰ বান পৰিস্থিতি আৰু অধিক শোচনীয় হৈ পৰিব। বৰ্তমানলৈকে ৰাজ্যৰ ২৮ খনকৈ জিলাৰ বানৰ কবলত পৰিছে যদিও বৰষুণৰ ধাৰা একে থাকিলে আৰু অধিক জিলা বানৰ পানীয়ে প্লাৱিত কৰাটো নিশ্চিত। বতৰ বিজ্ঞান কেন্দ্ৰই আৰু অধিক বৰষুণ হোৱাৰ জাননীও জাৰি কৰিছে।
বান কবলত পৰা ৰাজ্যৰ ২৮ খন জিলাৰ ১৮ লাখ ৯৪ হাজাৰ ৩৭৩ জন লোক প্ৰভাৱিত হৈছে। বান প্ৰভাৱিত জিলা সমূহৰ ভিতৰত সবাতোকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে নৱ গঠিত বজালী জিলা। ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি পাই থকাৰ ফলত কেইবাঠাইটো মাথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে। কামৰূপ জিলাৰ হাজো আৰু ৰঙিয়াৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈ আছে বাঢ়নী পানীত।
লগতে পঢ়ক – যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত ১৩ হাজাৰ ২১৬ জনকৈ লোক
ৰাজ্যৰ ২৮ খন জিলাৰ ৯৬ টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৯৩০ খন গাঁও জলমগ্ন হৈছে আছে। নেৰা নেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনাও বৃদ্ধি পাইছে ৰাজ্যত। যোৱা ২৪ ঘণ্টাত ডিমা হাছাও, গোৱালপাৰা, মৰিগাঁও, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। বানপানী আৰু ভূমিস্খলনত বৰ্তমানলৈকে ৫৪ জন লোকে প্ৰাণ হেৰুৱেইছে।