নিউজ ডেস্ক: ভাৰতত বৰ্তমান ব্যক্তিগত খণ্ডৰ বেংকৰ মুঠ সংখ্যা ২১টা আৰু ৰাজহুৱা খণ্ডৰ বেংকৰ সংখ্যা ১২টা। এই ৩৩ টা বেংকত ভাৰতীয়সকলে প্ৰধানকৈ ধন জমা ৰাখে। কিন্তু আপোনাৰ ধন জমা ৰাখিবলৈ এই বেংকবোৰৰ কোনটো আটাইতকৈ সুৰক্ষিত?

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে এই সন্দৰ্ভত এখন তালিকা প্ৰকাশ কৰিছে। ২০২২ চনত  আৰবিআইয়ে মুকলি কৰা ধন জমা ৰখাৰ বাবে সুৰক্ষিত বেংকৰ তালিকাত আছে দুটা ব্যক্তিগত আৰু এটা ৰাজহুৱা খণ্ডৰ বেংক।

তালিকাত ভাৰতীয় ষ্টেট বেংকৰ উপৰিও আছে HDFC বেংক আৰু ICICI বেংক। অতি কঠোৰ নিৰীক্ষণৰ পিছত বেংকসমূহৰ তালিকা ঘোষণা কৰা হৈছে।

ৰিজাৰ্ভ বেংকে ২০১৫ চনৰ পৰা এই তালিকা প্ৰস্তুত কৰি আহিছে। তেওঁলোকে কয় যে এই তালিকাখন দেশৰ অৰ্থনীতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বেংকবোৰক লৈয়েই প্ৰস্তুত কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply