জি-২০ৰ প্ৰতিনিধি কাজিৰঙাত উপস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ৪ ফেব্ৰুৱাৰীত বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা, বাগৰি আৰু অগৰাতলি বনাঞ্চলৰ জীপ চাফাৰী পৰ্যটকৰ বাবে বন্ধ ৰখা হ’ব৷ বুধবাৰে এক নিৰ্দেশনাযোগে এই ঘোষণা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷
উদ্যানৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ স্বাক্ষৰিত পত্ৰখনিৰ যোগেদি জনোৱা হয় যে জীপ চাফাৰী বন্ধ থাকিলেও কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ চৰকাৰী হাতী চাফাৰী আৰু বাগৰি বনাঞ্চলৰ বেচৰকাৰী হাতী চাফাৰী পূৰ্বৰ দৰেই চলি থাকিব৷
প্ৰাপ্ত বাতৰি অনুসৰি, জি-২০ৰ প্ৰতিনিধি দলটোৱে ৪ ফেব্ৰুৱাৰীৰ পুৱা ৯:৩০ বজাত কাজিৰঙাত উপস্থিত হৈ কহঁৰা, বাগৰি আৰু অগৰাতলি বনাঞ্চল ভ্ৰমণ কৰিব৷ দলটোৰ সৈতে উচ্চস্তৰীয় চৰকাৰী প্ৰতিনিধিও উপস্থিত থাকিব৷
ইয়াৰ সমান্তৰালভাৱে বন বিভাগৰ কহঁৰাস্থিত সংগ্ৰহালয়, পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ তথা হাতীখুলি চাহ বাগিচা দৰ্শন কৰোৱাৰ ব্যৱস্থা কৰিছে চৰকাৰীভাৱে৷