নগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা৷ মধ্য প্ৰদেশৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ সোণ ক্ৰয় কৰিবলৈ আহি ৰাজহুৱা প্ৰহাৰৰ সন্মূখীন হ’ল তিনিজন লোক৷ নকল সোণৰ ব্যৱসায়ীৰ প্ৰবঞ্চনাৰ কবলত পৰি মধ্য প্ৰদেশৰ পৰা বিয়লি নগাঁৱত তিনিজনীয়া দলটোৱে সোণ ক্ৰয় কৰিবলৈ আহি ৰাইজৰ প্ৰহাৰৰ সন্মূখীন হোৱাৰ পিছত তিনিওগৰাকী এতিয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷

জানিব পৰা মতে, এই ব্যক্তি তিনিজনৰ নাম হৈছে অবিনাশ ৰাজপুত, নিখিল সিং আৰু শিৱম মিশ্ৰ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন তিনিওজনকে চিআৰপিএফে হেৰাপট্টিৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে৷

এই ব্যক্তি কেইজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে গুলী ভৰ্তি দুটি পিস্তলো উদ্ধাৰ কৰিছে৷ এক সুত্ৰ মতে ৫ লাখ টকা নগদ ধন লৈ তিনিজনীয়া দলটো হেৰাপট্টিত সোণ কিনিবলৈ উপস্হিত হৈছিল৷

জানিব পৰা মতে মধ্য প্ৰদেশৰ অবিনাশ, নিখিল আৰু শিৱম হেৰাপট্টিত অসাধু নকল সোণৰ ব্যৱসায়ীৰে মিলিত হোৱাৰ পিছতে স্হানীয় লোকে ডকাইতৰ সন্দেহত দলটোক আক্ৰমণ কৰে৷ এই আক্ৰমণত গুৰুতৰ ভাবে আহত হয় তিনিওজন লোক৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply