গুৱাহাটী : ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাত ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ দিশত। অৱশ্যে এতিয়াও ৰাজ্যৰ ৩৫ খন জিলাৰ ভিতৰত ৩০ খন জিলা বছৰৰ দ্বিতীয়টো বানৰ কবলত। এই ৩০ খন জিলাত ২৯ লাখ ৮০ হাজাৰ ৪০৬ জন লোক প্ৰভাৱিত হৈ আছে বানপানীৰ ফলত।
ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে। নেৰা নেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰা ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল অৱশ্যে এতিয়াও বাঢ়নী পানীৰ তলত আছে। পুনৰ ৰাজ্যত নেৰা নেপেৰা বৰষুণ আৰম্ভ হ’লে আগন্ত দিনত ৰাজ্যৰ বান পৰিস্থিতি আৰু অধিক শোচনীয় হৈ পৰাটো নিশ্চিত। বৰ্তমানেও ৰাজ্যৰ ৩০ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে।
ইফালে বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণৰ মাত্ৰা হ্ৰাস পাইছে যদিও ৰাজ্যত আৰু অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এতিয়াও বান কবলত থকা ৰাজ্যৰ ৩০ খন জিলাৰ ২৯ লাখ ৭০ হাজাৰ ৪০৬ জন লোক প্ৰভাৱিত হৈ আছে বানপানীৰ ফলত। ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি পাই থকাৰ ফলত কেইবাঠাইটো মাথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে।
লগতে পঢ়ক – কটন বিশ্ববিদ্যালয়ৰ দুই ছাত্রবাসৰ ছাত্ৰৰ মাজত মাৰপিট
বৰ্তমানেও বাঢ়নী পানীৰ তলত থকা ৩০ খন জিলাৰ ৮৮ টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৪৫০ খন গাঁও জলমগ্ন হৈছে আছে। ইফালে বৰাক উপত্যকাৰ বান পৰিস্থিতি উন্নত হ’বলৈ ধৰিছে। শিলচৰ চহৰৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰাত বহু লোক আশ্ৰয় শিবিৰ থাকিবলৈ বাধ্য হৈছে। আনফালে কৰিমগঞ্জত অসম-ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰাত পথটোৰে যাতায়তৰ ব্যৱস্থা বন্ধ হৈ আছে।