বিষাক্ত সুৰা সেৱন কৰি প্ৰাণ হেৰুৱালে ৩০ জনকৈ লোকে
বিষাক্ত সুৰা সেৱন কৰি প্ৰাণ হেৰুৱালে ৩০ জনকৈ লোকে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ ছপ্ৰাত। ১৪ ডিচেম্বৰ, বুধবাৰে এই ঘটনা পোহৰলৈ আহিছিল।
উক্ত দিনটোত প্ৰথমে ৬ জন লোক বিষাক্ত সুৰা সেৱন কৰাৰ ফলত মৃত্যু মুখত পৰিছিল। তাৰ পিছত সন্ধিয়াৰ ভাগলৈ এই সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইগৈ। আজি পৰ্যন্ত মৃত্যুৰ সংখ্যা ৩০।
উল্লেখ্য যে এই ঘটনা বিহাৰৰ ছপ্ৰাৰ ইচুয়াপুৰ আৰক্ষী থানা অঞ্চলত সংঘটিত হৈছে। বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিয়নো এই মুহূৰ্ততো হস্পিতালত বিষাক্ত সুৰা সেৱন কৰি বহু লোক সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে। মন কৰিবলগীয়া যে বিহাৰত সুৰা নিষিদ্ধ। যাৰ বাবে এই লোকসকলে সুৰাৰ নামত বিষাক্ত পানীয় সেৱন কৰাৰ বাবে এই ঘটনা সংঘটিত হ’বলৈ পালে।
ইফালে বিহাৰত সুৰাৰ ওপৰত যি নিষেধাজ্ঞা আৰোপ কৰা হৈছে সেই নিষেধাজ্ঞাক লৈ বুধবাৰে বিহাৰ বিধানসভাৰ অধিৱেশনৰ মাজতে সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিজেপি বিধায়ক তথা বিৰোধী দলৰ নেতা বিজয় কুমাৰ সিনহাই ছপ্ৰাত বিষাক্ত সুৰা সেৱন কৰি বহু লোকৰ মৃত্যু হোৱা ঘটনাৰ পিছতে সুৰাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিৰোধীক আক্ৰমণ কৰি কয় বিহাৰত সুৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষেত্ৰত যি আইন প্ৰস্তুত কৰা হৈছিল সেই আইনলৈ বিজিপিয়েও সমৰ্থন আগবঢ়াইছিল। উল্লেখ্য যে, বিহাৰত সুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে সুৰা বিক্ৰী আৰু ক্ৰয়ৰ বৈধ পক্ৰিয়া বন্ধ হৈ আছে। কিন্তু অবৈধ ভাৱে বিহাৰৰ প্ৰতিটো অঞ্চলতে এতিয়াও সুৰা সহজলভ্য বুলি খবৰ প্ৰকাশ পাইছে।