নিউজ ডেস্ক: সাত বছৰত ৩০ জনীকৈ নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰিছিল এজন যুৱকে। দিল্লীৰ ৰোহিনী আদালতে দোষী সাব্যস্ত কৰাৰ পাছত হত্যাকাণ্ড সংঘটিত কৰা যুৱকজনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। বুধবাৰে দিল্লী আদালতে এই ৰায় দিয়ে। দিল্লী আৰক্ষীয়ে তেওঁৰ বাবে সৰ্বোচ্চ শাস্তি বিচাৰিছিল।

যুৱকজনৰ নাম ৰবিন্দৰ। মাত্ৰ ১৮ বছৰ বয়সত অভিযুক্ত ৰবিন্দৰ ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিছিল। বেছিভাগ সময় পৰ্ণগ্ৰাফী চাই পাৰ কৰিছিল। বস্তিত কিছু সময় কটোৱাৰ পিছত মাজনিশাৰ পৰা আৰম্ভ কৰিছিল বিকৃত অভিযান!

কেতিয়াবা ১০ টকা বা চকলেটৰ প্ৰলোভনেৰে দূৰৈৰ বস্তিৰ পৰা নাবালিকাক অপহৰণ কৰিছিল। তাৰ পিছত চলাইছিল যৌন নিৰ্যাতন। কেতিয়াবা ধৰ্ষণ কৰি হত্যাও কৰিছিল ৰবিন্দৰে। শেহতীয়াকৈ আৰক্ষীয়ে তাৰ অপৰাধনামা ফাদিল কৰিছিল।

এটি ৬ বছৰীয়া শিশুকন্যাৰ মৃত্যুৰ তদন্তৰ পিছতে আৰক্ষীয়ে গম পাইছিল হত্যাকাৰী যুৱকজনৰ এই জঘন্য কাহিনী। ২০১৫ চনত আৰক্ষীৰ জালত ধৰা পৰিছিল ২৪ বছৰীয়া ৰবিন্দৰ। তাৰ পিছত দিল্লীৰ তিহাৰ জেলত বন্দী কৰি ৰখা হৈছিল ৰবিন্দৰক।

উক্ত গোচৰটো ৮ বছৰ ধৰি চলি থকাৰ পাছত যোৱা ৬ মে’ত আদালতে ৰবিন্দৰক দোষী সাব্যস্ত কৰিছিল।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে,  ৰবিন্দৰে প্ৰথমতে ৬ৰ পৰা ১২ বছৰৰ ভিতৰৰ নাবালিকাক লক্ষ্য কৰি লৈছিল। ১৮ বছৰ বয়সৰ পৰাই ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত কৰিছিল ৰবিন্দৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply