নিউজ ডেস্ক- গৃহ বিভাগৰ নিৰ্দেশৰ মতে বহু আৰক্ষী বিষয়াই এতিয়ালৈকে নিজৰ সম্পত্তিৰ তালিকা দাখিল কৰা নাই। বৰ্তমানলৈকে ৰাজ্যৰ ৩০০ আৰক্ষী বিষয়াই নিজৰ সম্পত্তিৰ তথ্য দাখিল কৰা নাই।

তথ্য অনুসৰি, বিতর্কিত আৰক্ষী বিষয়া লীনা দলেৰ লগতে ৰূপজ্যোতি কলিতা আৰু ৰুণা নেওগেও এই তথ্য দাখিল কৰা নাই। গৃহ বিভাগৰ নিৰ্দেশৰ পাছতো সম্পত্তিৰ তালিকা দাখিল নকৰা আৰক্ষী বিষয়াসকলৰ এখন তালিকা শেহতীয়াকৈ প্ৰস্তুত কৰা হৈছে। উক্ত তালিকাত দুৰ্নীতিৰ অভিযোগত জে’লৰ ভাত খাব লগীয়া হোৱা আৰক্ষী বিষয়া সঞ্জিত কৃষ্ণৰ নামো অন্তভুক্ত হৈ আছে।  

উল্লেখ্য যে অসম চৰকাৰে আৰক্ষী বিষয়াসকলক দুৰ্নীতি ৰোধৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ তথ্য দাখিল কৰাৰ বাবে নিৰ্দেশ দিছিল। সেই অনুসৰি আৰক্ষী বিষয়াসকলে প্ৰত্যেক চাৰি বছৰৰ মূৰে মূৰে সম্পত্তিৰ তথ্য দাখিল কৰিব লাগে যদিও ২০২২ চনত দাখিল কৰিব লগীয়া তথ্য বৰ্তমানলৈকে ৩০০ বিষয়াই তথ্য দাখিল কৰা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply