নিউজ ডেস্ক: কামৰূপ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ ৩৩ টা স্থানক দুৰ্ঘটনা প্ৰৱন এলেকা হিচাপে চিনাক্ত কৰিছে। এই দুৰ্ঘটনা প্ৰৱণ ৩৩ টা স্থানৰ ভিতৰত ২৫ টা স্থান ৰাষ্ট্ৰীয় ঘাইপথত আৰু ৮ টা স্থান লোক নিৰ্মান বিভাগৰ পথ।
গুৱাহাটী মহানগৰ জিলা প্ৰশাসনে দুর্ঘটনা প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা স্থান সমূহ হৈছে আজাৰা আৰক্ষী থানাৰ অধীনৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তিনিটা, গড়চুক থানাৰ অধীনৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিটা যোৰাবাট আৰক্ষী চকীৰ অধীনত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছটা, বশিষ্ঠ আৰক্ষী থানাৰ অধীনত চাৰিটা, জালুকবাৰী আৰক্ষী থানাৰ অধীনত ছটা, খানাপাৰা আৰক্ষী চকীৰ অধীনত এটা, ক্ষেত্ৰী আৰক্ষী থানাৰ অধীনত দুটা স্থান । ইপিনে, লোকনিৰ্মাণ বিভাগৰ পথত পল্টনবজাৰ,সাতগাঁও, ভঙাগড়ৰ আৰক্ষী থানাৰ অধীনত এটাকৈ, পাণবজাৰ আৰক্ষী থানাৰ অধীনত দুটা, ফটাশিল থানাৰ অধীনত এটা, ভৰলু আৰক্ষী থানাৰ অধীনত দুটা স্থান দুর্ঘটনা প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে মহানগৰীত শেহতীয়া ভাৱে পূৰ্বৰ তুলনাত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি হৈছে । যাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে দুৰ্ঘটনা ৰোধৰ বাবে বিভিন্ন ৰাজহুৱা স্থানত সজাগতা কৰাৰ লগতে দ্রুত গতি পৰিহাৰ কৰা, চিটবেল্ট লগোৱা, দুচকীয়া বাহনৰ চালক আৰোহী দুয়োজনে হেলমেট পৰিধান কৰিবলৈ আহ্বান জনাই আহিছে।
লগতে পঢ়ক: সুৰাপান কৰি নিলম্বন অসম আৰক্ষী কনিষ্টবল