নিউজ ডেস্ক- ৰাজ্যৰ ৩৬ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে ঘূৰাই দিব টেবলেট। আজি ‘শিক্ষা সেতু’ আচঁনিৰ বাবে চৰকাৰে যোগান ধৰা টেবলেট নিজ নিজ খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ হাতত ঘূৰাই দিব।
উল্লেখ্য যে, প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিক কেন্দ্ৰ কৰি শিক্ষক আৰু চৰকাৰৰ মাজত চলা সংঘাৰ পাছত চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰাত ৩৬ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে টেবলেট ঘূৰাই দিয়াই নহয়, প্ৰাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টি নকৰা পৰ্যন্ত কোনো নতুন কামৰ দায়িত্ব গ্ৰহণ নকৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে। সন্মিলনীৰ সভাই ২১ মে’ৰ ভিতৰত ৰাজ্য চৰকাৰে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ জাননী জাৰি নকৰিলে ২২ মে’ত শিক্ষা সেতু পৰিচালনাৰ বাবে যোগান ধৰা টেবলেট ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
জানিব পৰা মতে, কালি গুৱাহাটীৰ শিক্ষক ভৱনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, নিখিল বড়ো প্রাথমিক শিক্ষক সন্থা, টেট উত্তীর্ণ শিক্ষক সমাজ, সদৌ অসম ষ্টেট পুল শিক্ষক সন্থাই সংবাদমেল সম্বোধন কৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনিৰ প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামীয়ে আজি দিনৰ এক বজাৰ পৰা দুই বজাৰ ভিতৰত শৃংখলাপূর্ণভাৱে কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনায়।
তেওঁ উল্লেখ কৰে যে, ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলে ১৯৮২ চনৰে পৰা ৰাজ্য চৰকাৰৰ সৈতে ভিন্ন পর্যায়ত আলোচনা কৰি আহিছে। অসম চৰকাৰে ২৬ মে’ ১৯৮২ত প্ৰকাশ কৰা সেৱা বিধিৰ ভিত্তিত প্রধান শিক্ষকৰ পদ সৃষ্টিৰ বিষয়টো সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। তেতিয়াৰে পৰা দুকুৰিবাৰ আলোচনা হোৱাৰ পাছতো সমস্যাটো সমাধান হোৱা নাই। বৃহৎ সংখ্যক নতুন পদ সৃষ্টিৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি ২২-০৬-২০১২ তাৰিখে তদানীন্তন শিক্ষা মন্ত্ৰীৰ লগত হোৱা আলোচনাত শিক্ষা অধিকাৰ আইনৰ ভিত্তিত পৃথক প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ লগতে ১৫০তকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ৰ এটা পদ প্রধান শিক্ষকৰ পদলৈ পদোন্নতি কৰাৰ সিদ্ধান্ত কৰি দহদিনৰ ভিতৰত বিত্ত বিভাগলৈ প্ৰস্তাৱ প্রেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, সেয়াও হৈ নুঠিল।
লগতে, শিক্ষানুষ্ঠানখন চৰকাৰৰ সন্তান, এইখন চৰকাৰে সন্তানক ডিঙি চেপি বিদ্যালয় একত্ৰিকৰণৰ জৰিয়তে হত্যা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে।